তাহানিৰ ভুলৰ পৰা জাতিটোৱে একো নিশিকিলে৷ বিবেকেৰে বিবেচনাৰ সলনি আৱেগৰ ঢলত মৰা মাছৰ দৰে উটি-ভাহি যোৱাটোৱেই অসমীয়াৰ স্থায়ী স্বভাৱত পৰিণত হ’ল৷ বীৰপূজা কৰি নেতাক দেৱতাৰ স্থান দিয়াটোৱেই হৈ পৰিল অসমীয়াৰ চৰিত্ৰ৷
আচৰিতভাৱে এতিয়াও আগৰ দৰেই একেবোৰ কাম কৰিছে অসমীয়াই৷ দেৱতা সাজি প্ৰশংসা কৰিছে আন্দোলনকাৰী নেতাক৷ কিন্তু এয়া দৰকাৰীনে?
এটা কাহিনী শুনক
তিৰাশীৰ আন্দোলনৰ সময়ৰ কথা৷ এদিন গুৱাহাটী হাইক’ৰ্টৰ ওচৰৰ দীঘলী পুখুৰীৰ পাৰৰ পথত ১৪৪ ধাৰা অমান্য কৰি হাজাৰ-হাজাৰ মহিলাই পথ অৱৰোধ কৰিছিল। তাত কিন্তু কোনো নেতা উপস্থিত নাছিল৷
হঠাতে তেতিয়াৰ ছাত্ৰনেতা ভৰত নৰহ এখন ক’লা এম্বেছাডৰ গাড়ীৰ পৰা তাত নামিল। নৰহক দেখি আন্দোলনকাৰী মহিলাসকলে ঘেৰি ধৰিলে। অলপ পিছতে এজন মেজিষ্ট্ৰেট ঘটনাস্থলীত উপস্থিত হ’ল। তেওঁ ঘোষণা কৰিলে- পাঁচ মিনিট সময় দিলো। পথ খালি নকৰিলে আমি চোঁচৰাই লৈ যাম৷
কথাখিনি শুনিয়েই ভৰত নৰহ খৰখোজেৰে সন্দিকৈ ছোৱালী কলেজৰ হোষ্টেলৰ ভিতৰলৈ সোমাই গ’ল। সকলোৱে ভাবিলে নৰহে হয়তো ছাত্ৰ সন্থাৰ নেতালৈ লেণ্ডলাইনৰ পৰা ফোন কৰিবলৈ গৈছে।
কিন্তু বহু সময় ভৰত নৰহ হোষ্টেলৰ পৰা ওলাই নাহিল৷ তেতিয়া এগৰাকী মহিলা সাংবাদিকে নৰহক বিচাৰি হোষ্টেলত প্ৰৱেশ কৰিলে৷ ভিতৰত আৰামত বহি থকা নৰহক সাংবাদিকগৰাকীয়ে কঠোৰ সুৰত প্ৰশ্ন কৰিলে৷ কিন্তু নৰহে সাহস দেখুওৱাৰ পৰিৱৰ্তে সাংবাদিকগৰাকীক ক’লে-
মহিলাসকলক পথতে দীঘল দি পৰি যাবলৈ কওক।
খঙৰ ভমকত সাংবাদিকগৰাকীয়ে নৰহক হাতত ধৰি টানি বাহিৰলৈ লৈ আহিল৷ কিন্তু তেতিয়ালৈ দণ্ডাধীশৰ নিৰ্দেশমৰ্মে আৰক্ষীয়ে লাঠীচালনা আৰম্ভ কৰিছিল৷
এয়াই আছিল তেতিয়া ৰাইজে দেৱতা বুলি কোৱা নেতাৰ সাহসী স্বভাৱৰ উদাহৰণ৷ গতিকে ৰাইজ, আৱেগিক নহ’ব৷ বিবেকেৰে কৰক বিবেচনা৷