মাছ নাখালেও চলিব, কিন্তু শিৱসাগৰৰ ৰাইজক লাগিবই মিঞাৰ খেতিৰ পাচলি
কাৰণ বৰ্তমান শিৱসাগৰৰ ৯০ শতাংশ গাঁৱতে অমিতা এটাও উৎপাদন নহয়৷ কোনো খেতিয়েই নকৰে শিৱসাগৰীয়াই৷ জিলাখনৰ গ্ৰামাঞ্চলত খেতি কৰি লাভ নাই৷ খেতিৰ ফচল মানুহে খাবলৈ নাপায়৷
শিৱসাগৰৰ ৯০ শতাংশ অসমীয়া গাঁৱতে চলিছে বান্দৰৰ উপদ্ৰৱ৷ কপিকুলে সকলো খেতি ধ্বংস কৰিছে৷ বাসস্থানৰ অভাৱত জনাঞ্চলত প্ৰৱেশ কৰিছে শিৱসাগৰীয়া বান্দৰে৷
অমিতাৰ পৰা তিয়হপৰ্যন্ত সকলো খেতি মুছৰি শেষ কৰা বান্দৰৰ বাবে ৰাইজে খেতি কৰিবলৈ বাদ দিছে৷ যিহেতু খেতিৰ ফচলেই পোৱা নাযায় সেয়ে ৰোপণৰ অভ্যাসেই বাদ দিছে ৰাইজে৷
কিন্তু তাৎপৰ্যপূৰ্ণভাৱে কোনো মুছলমান গাঁৱতে নাই বান্দৰ৷ নামনি অথবা মধ্য অসমৰ হিন্দু অসমীয়াৰ গাঁৱত বান্দৰে তাণ্ডৱৰ সৃষ্টি ঠিকেই কৰিছে, পিছে কাষৰীয়া মুছলমান গাঁৱত বান্দৰ সোমোৱা নাই৷
একেদৰে শিৱসাগৰৰ মুছলমান গাঁৱতো বান্দৰ নাই৷ ফলত মুছলমান জনতাই খেতি কৰাত সমস্যাৰ সৃষ্টি হোৱা নাই৷
বান্দৰৰ বাবে শিৱসাগৰ উৎপাদকৰ সলনি হৈ পৰিছে উপভোক্তা জিলা৷ প্ৰতিবিধ শাক-পাচলিয়েই শিৱসাগৰীয়াই আনৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে৷
এতেকে মাছ নাহিলেও চলি যাব, কিন্তু দীৰ্ঘদিনলৈ পাচলি নাহিলে অসুবিধা হ’ব শিৱসাগৰীয়াৰ৷