খা! এইবাৰহে সৰ্বনাশ


হুলস্থুল নকৰিবি, এইখন মাছৰ বজাৰ নহয়
সচৰাচৰ হুলস্থুল কৰিলে কনিষ্ঠসকলক এইদৰেই ধমক দিয়ে ডাঙৰে৷ কিন্তু জীৱৰ বিলাই, এতিযা সেই মাছৰ বজাৰৰ দৰেই হৈ পৰিছে ফে’চবুকৰ পৰিৱেশ৷
নগঞা মাছৰ বেপাৰীয়ে উজনি বৰ্জনৰ ঘোষণা কৰাৰ পিছতে আলোচনাৰ বিষয়বস্তু হৈ পৰিছে মৎস্য৷ ফে’চবুকত আজি ট্ৰেণ্ডিং হৈ থকা দুটা শব্দই হৈছে মাছ আৰু মিঞা৷
পুখুৰীৰ মাছ উজনিৰ মানুহক নুখুৱাই বুলি মিঞা বেপাৰীয়ে শপত লোৱাৰ পিছত হৈছে একাধিক আলোচনা৷ বহুতে উজনিত মৎস্যসংকট হ’ব বুলি ভয় কৰিছে৷ কিন্তু সৰহসংখ্যকৰ মতে ইউৰিয়া খোৱা মাছৰ সৰবৰাহ বন্ধ হ’লেহে লাভ হ’ব উজনিৰ৷
আনকি নগাঁৱৰ পৰা মাছ নাহিলে উজনিত কেন্সাৰ ৰোগীৰ সংখ্যাও কমি যাব বুলি বহুতে মত পোষণ কৰিছে৷ তাৰ বাবে দুটা বেছিকৈ আদায দি লোকেল মাছ কিনিবলৈয়ো সাজু হৈছে জাতীয়তাবাদী গ্ৰাহক৷
কিন্তু বহুতৰে মতে নগাঁৱৰ মাছ নাহিলে উজনিত পাতিব পৰা নাযাব বিয়া-বাৰু৷ কাৰণ সৰহীয়া পৰিমাণৰ মাছ স্থানীয় বিক্ৰেতাই দিব নোৱাৰে৷
মুঠতে মানুহবোৰ হৈ পৰিছে বৰটোকোলা অথবা কণামুছৰীৰ দৰে৷ সৰ্বত্ৰ চলিছে মাছৰ বজাৰ৷ ফে’চবুকত আলোচনাৰ বিষয় হৈ পৰিছে মাছ৷
গুগল ট্ৰেণ্ডিঙৰ গণনা অনুসৰি অসমত এদিনতে ফে’চবুকত মাছ শব্দটো লিখিছে ১৯ লাখ নেটিজেনে৷ একেদৰে ট্ৰেণ্ডিঙত উঠিচে মিঞা৷ মুঠতে মাছ আৰু মিঞাই হৈ পৰিছে আলোচনাৰ বিষযবস্তু৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email