কোনেও নজনাকৈ ঘনাই অসমলৈ আহিছিল অটল বিহাৰী বাজপেয়ী৷ তেতিয়া জনসংঘৰ পৰা বিজেপি গঠন হোৱা বেছিদিন হোৱাই নাছিল৷ বিজেপিৰ নেতা বাজপেয়ীয়ে বাৰম্বাৰ আন্দোলনকাৰী নেতৃত্বক লগ ধৰিছিল৷ সেই সময়ত প্ৰায়ে গোপনে আহিছিল বাজপেয়ী৷ কিন্তু কিয় অসম আন্দোলনলৈ বাজপেয়ীৰ উৎকণ্ঠা জন্মিছিল সেয়া পিছতহে প্ৰতিপন্ন হ’ল৷
একেসময়তে আকৌ বাওঁপন্থী নেতা জ্যোতি বসুৱে অসম আন্দোলনক পিকনিক হিচাপে অভিহিত কৰিছিল৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীজনে আন্দোলনৰ নামত অসমীয়াই পিকনিক খোৱা বুলিও কৰিছিল ঠাট্টা৷
কিন্তু দিল্লীৰ পৰা বাৰে বাৰে আহি আছিল বাজপেয়ী৷ সেই সময়ত আকৌ অসম আন্দোলন আছিল ধৰ্মনিৰপেক্ষ৷ প্ৰথমে আন্দোলনকাৰী নেতৃত্বই বহিৰাগত খেদিবলৈ অসমত আন্দোলন আৰম্ভ কৰিছিল৷ কিন্তু বাজপেয়ী দৰে নেতা ঘনাই আহি থকাৰ পিছত কালক্ৰমত আন্দোলনে অন্য ৰূপ ধাৰণ কৰিলে৷ বহিৰাগতৰ সলনি আন্দোলন হ’লগৈ মুছলমানবিৰোধী৷
পিছলৈ বাজপেয়ীৰ জৰিয়তে অসম আন্দোলন আৰ এছ এছে হাইজেক কৰা বুলি প্ৰমাণিত হৈছিল৷ সংঘই যে আন্দোলনকাৰী নেতাক হাত কৰি লৈছিল সেয়াও প্ৰতিপন্ন কৰিছিল গোপন তথ্যই৷
এতিয়াও সেই অনুৰূপ পৰিস্থিতিৰ আশংকা ঘনীভূত হৈছে৷ অনা-অসমীয়া বিৰোধী আন্দোলন ক্ৰমে সলনি হৈছে মুছলমান বিৰোধিতালৈ৷ মিঞা বিৰোধী ৰূপ ধাৰণ কৰিছে অসমীয়াৰ নৱজাগৰণে৷
শিৱসাগৰৰ পৰা আৰম্ভ হোৱা আন্দোলনে অসম ছানি ধৰিছে৷ কিন্তু প্ৰশ্ন হয়, কোনে তৈয়াৰ কৰিছে শিসসাগৰ ফাইলছ৷ কাৰ হাতত আছে পুতলা নেতাৰ ছাবি-কাঠি৷