এইবাৰ চৰকাৰে সাহস নকৰিলে৷ উত্তৰ প্ৰদেশৰ আৰ্হিত বুলড’জাৰ চলাই অপৰাধীৰ ঘৰ ধ্বংস কৰি নিদিলে অসম চৰকাৰে৷ কিন্তু প্ৰ্শ্ন হয়, ধিঙৰ ঘটনাৰ পিছতো কিয় নচলিল অসম চৰকাৰৰ বুলড’জাৰ৷
অৱশ্যে এই প্ৰশ্নৰো উত্তৰ আছে৷ ধিঙৰ বৰবাৰী গাঁৱত অসম পুলিচে বুলড’জাৰ বিশেষ কাৰণতহে চলোৱা নাই৷
সম্ভৱতঃ আপোনালোকৰ মনত আছে কিছুদিন পূৰ্বে বটদ্ৰৱাত সংঘটিত ঘটনাৰ কথা৷ তেতিয়া বটদ্ৰৱাত থানাতে মৃত্যু ঘটিছিল আচামীৰ৷ তাৰ পিছতে বটদ্ৰৱাৰ মিঞাই থানা আক্ৰমণ কৰি জ্বলাই দিছিল৷ সেই ঘটনাৰ পিছত অপৰাধীৰ ঘৰত বুলড’জাৰ চলাইছিল প্ৰশাসনে৷
কিন্তু আদালতৰ নিৰ্দেশৰ ফলত অভিযুক্তৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ বাধ্য হৈছিল প্ৰশাসন৷ কেবাটাও পৰিয়ালক প্ৰায় ৭২ লাখ টকা প্ৰশাসনে ক্ষতিপূৰণ দিছিল৷ মিঞাক ক্ষতিপূৰণ দিবলৈ প্ৰশাসনক আদালতে নিৰ্দেশ দিছিল৷
ফলশ্ৰুতিত এইবাৰ নচলিল অসম চৰকাৰৰ বুলডজাৰ৷ কিন্তু বিগত সময়ত যোগী আদিত্যনাথৰ আৰ্হিত হিমন্ত বিশ্ব শৰ্মায়ো অপৰাধীৰ ঘৰত বুলড’জাৰ চলাইছিল৷
আপৰাধীৰ ঘৰেই উচ্ছেদ কৰিছিল অসম চৰকাৰে৷ যোগী আদিত্যনাথৰ দৰে বুলড’জাৰ বিশ্ব শৰ্মা হৈ পৰিছিল অসমৰ মুখ্যমন্ত্ৰী৷
কিন্তু অসমতে অসমীয়া কিশোৰীৰ বলাৎকাৰৰ পিছতো এইবাৰ চৰকাৰে নচলালে বুলড’জাৰ৷