শীঘ্ৰে পাছ কৰিব বিল

আৰু বেছিদিন নাই, আপুনি ঘৰৰ পুখুৰীটো পুতিবলৈয়ো ল’ব লাগিব চৰকাৰী অনুমতি৷ আপোনাৰ ঘৰৰ পিছফালে থকা পুখুৰীটোও চৰাকী অনুমোদন অভিহনে পুতিব নোৱাৰিব৷ অথবা চৰকাৰৰ অনমুতি অবিহনে খান্দিব নোৱাৰিব পুখুৰী৷
এই ধৰণৰ নীতিয়েই কিছুদিনৰ পিছত অসমত প্ৰৱৰ্তিত হ’ব৷
অসম নগৰ এলেকা জলাশয় সংবৰ্ধন আৰু সংৰক্ষণ আইনৰ জৰিয়তে থলুৱা লোকৰ অধিকাৰ হৰণ কৰিব চৰকাৰে৷
আমি লাভ কৰা খবৰ অনুসৰি চৰকাৰে আগন্তুক অধিৱেশনতে সদনত উত্থাপন কৰিব বিধেয়কখন৷ উক্ত বিধেয়কত আছে অসমৰ ভিন্ন এলেকাৰ জলাশয় দখলৰ তথ্য৷ চৰকাৰী তথ্যমতেই উক্ত বিধেয়ক অনুসৰি কোনো নগৰীয়া এলেকাৰ লোকে নিজৰ ঘৰৰ খালপৰ্যন্ত পুতিব নোৱাৰিব৷
আনহাতে ৰাজহৰ লোভত বিভিন্ন গ্ৰাম্য এলেকাক চৰকাৰে নগৰ হিচাপে ঘোষণা কৰিছে৷ সেইসমূহত বৰ্তমান পঞ্চায়ত নাই৷ কিন্তু খেতি পথাৰৰে সেইসমূহ এতিয়াও হৈ আছে গ্ৰাম্য এলেকা৷
সেই এলেকাসমূহ বৰ্তমান চৰকাৰে নগৰ হিচাপে ঘোষণা কৰিছে৷ অধিক হাৰত ৰাজহ সংগ্ৰহৰ লোভত চৰকাৰে গ্ৰাম্য এলেকাকো নগৰ হিচাপে ঘোষণা কৰিছে৷
গতিকে এই এলেকাত এতিয়াৰ পৰা পুখুৰী খান্দি মাছ পালন কৰিলেও চৰকাৰৰ অনুমতি গ্ৰহণ কৰিব লাগিব৷ একেদৰে পুখুৰী পুতি ঘৰ সাজিলেও লব লাগিব আনুমোদন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email