কি ভাবিলে USTM কৰ্তৃপক্ষই?

তেতিয়া ক্ৰিকেট খেলিয়েই আছিল ৰাহুল দ্ৰাৱিড়ে৷ হঠাতে তেওঁৰ সৈতে যোগাযোগ কৰিলে বেংগালুৰু বিশ্ববিদ্যালয়ে৷ দক্ষিণ ভাৰতৰ বিখ্যাত বিশ্ববিদ্যালয়খনে ৰাহুল দ্ৰাৱিড়ক জনালে এটা বিশেষ কথা৷ তেওঁলোকে ৰাহুল দ্ৰাৱিড়ক বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী সমাৱৰ্তনত সন্মানীয় ডি লিট উপাধি প্ৰদান কৰিব বুলি অৱগত কৰিলে৷
কিন্তু আচৰিতভাৱে বিশ্ববিদ্যালয়খনৰ প্ৰস্তাৱত আনন্দিত নহ’ল দ্ৰাৱিড়৷ তেওঁ বিনয়েৰে ক’লে- এজন গৱেষকে ডিগ্ৰী লাভ কৰিবলৈ অশেষ পৰিশ্ৰম কৰিবলগীয়া হয়৷ বছৰজোৰা গৱেষণাৰ পিছতহে তেওঁ ডিগ্ৰী লাভ কৰে৷
তেনেস্থলত মই শৈক্ষিক জগতৰ বাহিৰৰ ব্যক্তি হৈয়ো ডি লিট উপাধি গ্ৰহণ কৰাটো অন্যায় হ’ব৷ গতিকে সেই সন্মান ৰাহুলে প্ৰত্যাখ্যান কৰিলে৷
কিন্তু বিতৰ্কিত USTMএ প্ৰদান কৰা সন্মান সানন্দে গ্ৰহণ কৰিছে জুবিন গাৰ্গে৷ আনকি বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱ স্বীকাৰ কৰি ফে’চবুকত আৱেগিক প’ষ্টো দিছে জুবিনে৷
কথাটো কিন্তু বৰ্তমান ডিগ্ৰীকেন্দ্ৰীক হৈ থকা নাই৷ কাৰণ গুৱাহাটীৰ বানৰ বাবে সঁচাই হওক বা মিছাই হওক USTM বিতৰ্কত সোমাই পৰিছে৷ তাৰ মাজতে প্ৰতিষ্ঠানটোৱে জুবিনক দিছে ডি লিট৷
ইমানদিনে মনত নপৰা কথা এটা এইবাৰহে USTMৰ মনত পৰিছে৷ কিন্তু প্ৰশ্ন হৈছে, জুবিনক ডি লিট সন্মান প্ৰদানৰ বাবে ইমানদিনে কিয় মনত পৰা নাছিল প্ৰতিষ্ঠানটোৰ?

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email