সচৰাচৰ ভাদমাহত কুকুৰৰ জঁক উঠে৷ ৰাস্তাই-ঘাটে সংগম কৰে কুকুৰে৷ পৰিণতিত আহিনলৈ ৰাস্তাই-ঘাটে কুকুৰৰ পোৱালি চৰি ফুৰে৷
পিছে এই ভাদত মানুহৰহে জক উঠিছে৷ কিন্তু লম্পটৰ তালিকাখন চালে আপুনি আচৰিত হ’ব৷ ভাল কামত নোৱাৰিলেও নিৰ্যাতন হিন্দু-মুছলমানে প্ৰতিযোগিতা কৰাৰ দৰে পৰিস্থিতিয়েই এতিয়া সৃষ্টি হৈছে৷
অসমত সংঘটিত নাৰকীয় ঘটনাৰ অপৰাধীৰ তালিকাখন চালেই প্ৰতিযোগিতা আপোনাৰ চকুত পৰিব৷ এঠাইত যদি নিৰ্যাতনকাৰী মাতাব আলি, আন এঠাইত আকৌ বিশ্বজিৎ দাস৷ এঠাইত যদি খনছিং, আন ঠাইত আকৌ যৌনতাই পশু কৰি পেলাইছে নিজাম আলিক৷
মুঠতে যৌনতাৰ প্ৰতিযোগিতা কৰিছে হিন্দু-মুছলমানে৷ ধিঙত পাষণ্ড তফজ্জুলে ফিটা কটাৰ পিছত প্ৰতিযোগিতাত নামি পৰিছে মুস্তাক আলি জহিৰ উদ্দিনহঁত৷
পিছ পৰি কোনো থকা নাই৷ ভাল কামত প্ৰতিযোগিতা কৰিবলৈয়ো সকাম নাই, মুঠতে কৰিছে নিৰ্যাতনৰ কম্পিটিশ্যন৷ একেবাৰে সৰ্বধৰ্মীয় ভিত্তিত চলি আছে নিৰ্যাতনৰ প্ৰতিযোগিতা৷
নিজাম আলি, জোন হালৈ, ৰমেন হালৈ, নিজাম আলি, যাদৱ বৰা আদিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে৷
হালে হালে সাঙুৰি নি এতিয়া সকলোকে জে’লত ভৰাইছে আৰক্ষীয়ে৷ কিন্তু কিমান দিনলৈ চলি থাকিব উন্মাদনাৰ প্ৰতিযোগিতা!