পিছলৈ কি হয় কোনেও নাজানে, কিন্তু শিৱসাগৰৰ বজাৰত বাঢ়িল বস্তুৰ দাম৷ শৃংখল চলিহাই ৰণহুংকাৰ দিয়াৰ পিছতে শিৱসাগৰৰ বজাৰৰ পৰা ফাহি-ছিটিকা দিলে মিঞা বেপাৰীয়ে৷ পূৰ্বৰ কৃষক বজাৰ আৰু এতিয়াৰ লাডেন বজাৰৰ পৰা ৬০ শতাংশ মিঞা বেপাৰী অন্তৰ্ধান হল৷
শিৱসাগৰৰ স্থানীয় কৃষকৰ সামগ্ৰী বিক্ৰীৰ বাবে ধাইআলিত শৃংখল চলিহাৰ পিতৃ ৰমু চলিহাই আৰম্ভ কৰিছিল কৃষক বজাৰ৷ কিন্তু মিঞা ব্যৱসায়ীৰ সংখ্যাধিক্যৰ পিছত বজাৰখনৰ নাম হৈছিলগৈ লাডেন বজাৰ৷
দৰবাৰ ৰোডত থকা বজাৰখনত ৯০ শতাংশ অভিবাসী মুছলমান বেপাৰীয়ে সামগ্ৰী বিক্ৰী কৰি আছিল৷ কিন্তু শৃংখল চলিহাই মিঞাৰ উজনি ত্যাগ আন্দোলন ঘোষণা কৰাৰ পিছত বজাৰখন হৈ পৰিল খালী৷ আজি দেওবাৰেও লাডেন বজাৰত পূৰ্বৰ ব্যস্ততা দেখিবলৈ পোৱা নগ’ল৷
মিঞাই সামগ্ৰী যোগান নধৰাৰ ফলত শাক-পাচলিৰ দামো বহুখিনি বৃদ্ধি হ’ল৷ তথাপি খিলঞ্জীয়া কৃষকৰ পৰাই সামগ্ৰী কিনিলে ক্ৰেতাই৷ পিছে প্ৰতিবিধ বস্তুৰে দাম ২০ টকাপৰ্যন্ত বৃদ্ধি হ’ল৷ বজাৰত অভাৱ ঘটিল শাক-পাচলিৰ৷
আনহাতে শৃংখলে মিঞাবিৰোধী আন্দোলন ঘোষণা কৰাৰ পিছতে অথন্তৰ লাগিল৷ মাজনিশা এদল লোকক ৰাজপথতে প্ৰহাৰ কৰিহে শক্তিৰ প্ৰমাণ দিবলগীয়া হ’ল দুৰ্বৃত্তই৷ শিৱসাগৰতে সংঘটিত হ’ল এই ঘটনা৷ মিঞাক উজনি এৰিবলৈ শৃংখল চলিহাই ডেডলাইন বান্ধি দিয়াৰ পিছতে অনাহূত পৰিস্থিতিৰ সূত্ৰপাত হ’ল৷
কিন্তু দোভাগ নিশা সংঘটিত ঘটনাত আছু জড়িত নহয় বুলি সংগঠনটোৱে ঘোষণা কৰিছে৷ পিছে তেনে ঘটনাই আন্দোলনৰ হিংসাত্মক ৰূপ প্ৰকাশ কৰিলে৷