ব্যস্ততা নাই HBSৰ

হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন একালত আছিল অভিন্ন বন্ধু৷ তৰুণ গগৈৰ চৰকাৰৰ প্ৰথম দুবছৰত দুয়ো আছিল প্ৰাণসখা৷ কিন্তু পিছলৈ যি হ’ল সেয়া সৰ্বজনবিদিত৷ কিন্তু তথাপি বন্ধুৰ অভ্যাসবোৰ পাহৰি পেলোৱা নাই ৰকিবুলে৷ সেয়ে কিছুদিনৰ আগেয়ে তেওঁ কৈছিল- অত্যধিক কামৰ বোজাই হিমন্ত বিশ্ব শৰ্মাক ভাৰাক্ৰান্ত কৰিছে৷
কথাটো অৱশ্যে নোহোৱাও নহয়৷ গৃহ দপ্তৰৰ পৰা স্বাস্থ্যলৈ সকলো চম্ভালিবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাই৷ মহামৃত্যুঞ্জয় মন্দিৰ ন্যাসৰ সভাপতিৰ দৰে খুচুৰা দায়িত্বও আছে বহুবোৰ৷
কিন্তু যোৱা কিছুদিনৰ পৰা মুখ্যমন্ত্ৰীৰ কামৰ প্ৰেছাৰ কমিছে৷ অৱশ্যে ভুলকৈ নুবুজিব, অসমৰ সমস্যা কমা নাই৷ প্ৰতিবাদ আৰু আন্দোলনো নোহোৱা হোৱা নাই৷
কিন্তু মুখ্যমন্ত্ৰীৰ কামহে কমিছে৷ কাৰণ এফালৰ পৰা দায়িত্ববোৰ আনে গ্ৰহণ কৰিছে৷ শিৱসাগৰকে ধৰি উজনিৰ দায়িত্ব লৈছে শৃংখল চলিহাই৷ মাৰোৱাৰীয়ে তামোল-পাণ আগ কৰি সেৱা ধৰাৰ পিছত শৃংখলে মিঞা খেদিবলৈ ওলাইছে৷
তাৰ মাজতে আকৌ সৰু-বৰ সকলো কথাতে গুজৰি-গুমৰি আছে পৰেশ বৰুৱাই৷
কোনোবা জাতিয়তাবাদী নেতায়ো আকৌ মাজে মধ্যে চিঞৰ এটা মাৰিছে৷ ধৰ্মীয় বাদ-বিবাদবোৰো চলিয়েই আছে৷ সেইবোৰত মুখচুপতি মৰাৰো দায়িত্ব লৈছে কোনোবা নেতাই৷
অসমৰ বাকীবোৰ কামৰ চৰ্চা ফে’চবুকতে চলি আছে৷ মুঠতে কামৰ প্ৰেছাৰ কমিছে মুখ্যমন্ত্ৰীৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email