বহুদিন খবৰ নাছিল ৰাম মাধৱৰ৷ কিন্তু ৫ বছৰ নিৰুদ্দেশ হৈ থকাৰ পিছত আকৌ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তন ঘটিছে তেওঁৰ৷ অসমত বিজেপি চৰকাৰ গঠনৰ অন্যতম কাৰিকৰজনে পুনৰ প্ৰৱেশ কৰিছে সংসদীয় ৰাজনীতি৷
বিগত সময়ত অসমত যেতিয়া বিজেপিৰ কোনো স্থিতি নাছিল তেতিয়া ৰাম মাধৱেই আছিল দলটোৰ অসমৰ তত্ত্বাৱধায়ক৷ বিজেপিৰ অগপৰ সৈতে মিত্ৰতাৰো গুৰি ধৰিছিল ৰাম মাধৱে৷ প্ৰায় ১০ বছৰৰ পূৰ্বে ৰাম মাধৱৰ জৰিয়তেই দুয়োটা দলৰ মিত্ৰতা হৈছিল৷
RSS ৰ পৰা বিজেপিত প্ৰৱেশ কৰা ৰাম মাধৱৰ মাধ্যমতে বিজেপিত প্ৰৱেশ ঘটিছিল সৰ্বানন্দ সোণোৱালৰ৷ অগপৰ পৰা সোণোৱালে বিজেপিত প্ৰৱেশ কৰাৰ আঁৰত আছিল ৰাম মাধৱ৷
তাৰ পিছতে ৰাম মাধৱেই সোণোৱালক মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰি অসমত বিজেপিৰ ৰণনীতি প্ৰস্তুত কৰিছিল৷ গতিকে দিল্লীত সোণোৱালৰ গড ফাডাৰ বুলিও ৰাম মাধৱ জনাজাত৷
কিন্তু ৫ বছৰৰ পূৰ্বে ৰাম মাধৱৰ ছন্দপতন ঘটিল৷ তেওঁক দলৰ পৰা নিৰ্বাসন দিয়া হ’ল৷ আকৌ RSSলৈ ঘূৰাই পঠিওৱা হ’ল ৰাম মাধৱক৷
পিছে আকৌ বিজেপিলৈ প্ৰত্যাৱৰ্তন ঘটিছে ৰাম মাধৱৰ৷ এতিয়া দলটো বিপদত পৰাৰ সময়ত হাইকমাণ্ডে তেওঁকে দিছে জম্মু-কাশ্মীৰৰ নিৰ্বাচনৰ দায়িত্ব৷
কিন্তু ৰাম মাধৱৰ প্ৰত্যাৱ্ৰতনে সলনি কৰিব পাৰে অসমৰ ৰাজনীতিও৷ কিয়নো সোণোৱালপন্থী হিচাপে জনাজাত ৰাম মাধৱৰ শীঘ্ৰে অসমলৈয়ো যে আগমন ঘটিব সেয়া নিশ্চিত৷
কাশ্মীৰত সফল হ’লেই ৰাম মাধৱৰ অসমলৈয়ো প্ৰৱেশ ঘটিব৷ গতিকে খাটাং সলনি হ’ব অসমৰ ৰাজনীতি৷