দলত টকা থকা মানহ বিচাৰি হাতৰ কুঠাৰ ভৰিত মাৰিলে ভবেন চৌধুৰীয়ে৷ সততাৰ শ্ল’গান দিয়া ভবেন চৌধুৰীয়ে শেষত হৰুৱাবলগীয়া হ’ল আপ অসমৰ মুৰব্বীৰ পদো৷
বিগত সময়ত অনাগত বিধানসভা নিৰ্বাচনত আপৰ প্ৰাৰ্থিত্ব দিয়াৰ বাবে ভবেন চৌধুৰীয়ে ধনী নেতাৰ সন্ধান কৰিছিল৷ গতিকে ফ্লেট আৰু গাড়ীৰ বিনিময়ত আপত স্থান দিয়া হৈছিল ৰমেন বৰঠাকুৰক৷
দলটোত শেহতীয়াকৈ নামভৰ্তি কৰাৰ বিনিময়তো ৰমেন বৰঠাকুৰে দিবলগীয়া হৈছিল ঘোচ৷ আমি লাভ কৰা খবৰ অনুসৰি এজন প্ৰাক্তন AIUDF বিধায়কৰ জৰিয়তে বৰঠাকুৰে আপত প্ৰৱেশ কৰিছিল৷ যোগদান প্ৰক্ৰিয়াৰ গুৰি ধৰা প্ৰাক্তন AIUDF বিধায়কজনে ফোনত যোগাযোগ কৰাই দিছিল ৰমেন বৰঠাকুৰ আৰু ৰাজেশ শৰ্মাক৷
তেতিয়াই আপত স্থান প্ৰদানৰ বিনিময়ত বৰঠাকুৰৰ পৰা এটা ফ্লেট আৰু এখন গাড়ী দাবী কৰিলে ৰাজেশ শৰ্মাই৷ ৰমেন বৰঠাকুৰেও বাধ্যত পৰি দিম বুলি কথা দিলে৷ ফলত তেওঁক আপত লোৱা হ’ল৷
এতিয়া দিল্লীয়ে ৰমেন বৰঠাকুৰকে আপ অসমৰ ৰাজ্যিক সভাপতি পতাটো নিশ্চিত কৰিছে৷ খবৰ অনুসৰি বৰ্তমানৰ অন্তৰ্ৱতী মুৰব্বী ভবেন চৌধুৰীক আঁতৰাই ৰমেন বৰঠাকুৰেই হ’ব আপ অসমৰ সভাপতি৷
অৰ্থাৎ ফ্লেট লৈ চৌধুৰীয়ে দললৈ নিয়া বৰঠাকুৰেই তেওঁক সভাপতি পদৰ পৰা কৰিলে আঁতৰ৷ আনহাতে মামুন ইমদাদুল হক চৌধুৰীকো আপে দিব চেঙা সমষ্টিৰ টিকট৷ চেঙাৰ পৰা তেওঁক জিকাই অনা হ’ব বুলি দিয়া হৈছে প্ৰলোভন৷