গুজৰি গমৰিহে আছে, গোচৰ দিবলৈ সাহস হোৱা নাই৷ দীপাংকৰ বৰ্মন নামৰ প্ৰবঞ্চকে বহুতকে ঠগি লৈ গ’ল ৭ হাজাৰ কোটি টকা৷ বৰ্মন হেৰোৱাৰ পিছত টকা বিচাৰ গুৱাহাটী উত্তাল কৰিছে গ্ৰাহকে৷
কিন্তু সেইসকল লোকে কোনো থানাতে গোচৰ তৰা নাই৷ বৰ্মনৰ ঘৰলৈয়ো টকা বিচাৰি গৈছে ডি বি ব্ৰকিং নামৰ প্ৰতিষ্ঠানৰ গ্ৰাহকসকল৷
আনকি প্ৰবঞ্চকৰ পিতৃ-মাতৃৰ বিৰুদ্ধেও হৈ পৰিছে সৰৱ৷ তথাপি গোচৰ তৰা নাই৷
পাণবজাৰ মহিলা থানাত কেবাগৰাকীও মহিলাই বৰ্মনৰ প্ৰবঞ্চনাৰ কথা মৌখিকভাৱে জনাইছে৷ কিন্তু তেওঁলোকে লিখিত আকাৰত অভিযোগ দিয়া নাই৷
এজাহাৰ যিহেতু পোৱা নাই সেয়ে মৌখিক গোচৰৰ ভিত্তিত তদন্ত কৰিব পৰা নাই আৰক্ষীয়ে৷ কিন্তু প্ৰশ্ন হয় কিয় ঠগ খোৱাৰ পিছতো দীপাংকৰ বৰ্মনৰ গ্ৰাহকে গোচৰ তৰিবলৈ সাহস গোটাব পৰা নাই৷
পইচা ওভতাই পাবলৈ চেষ্টা কৰাৰ পিছতো তেওঁলোকে এজাহাৰ নিদিয়াৰ আঁৰত কাৰণ আছে৷ তেওঁলোকে গোচৰ নতৰাৰ কাৰণ হৈছে নিজা ধনৰ উৎস৷ গোচৰ পঞ্জীয়ন হোৱাৰ পিছত ঠগ খোৱা গ্ৰাহকেও নিজৰ ধনৰ উৎসৰ বিষয়ে আৰক্ষীক জনাব লাগিব৷
তেতিয়া গ্ৰাহকো কিন্তু বিপদত পৰিব পাৰে৷ জমা কৰা ধন ক’লাধন বুলি প্ৰমাণিত হ’লেই গ্ৰাহকো ওভোচাই আৰক্ষীৰ জালতহে পৰিব৷
এনেবোৰ কাৰণতে আৰক্ষীৰ কাষ চাপিও গোচৰ তৰিব পৰা নাই প্ৰতাৰিত গ্ৰাহকে৷ কেৱল মাত্ৰ চিঞৰিহে আছে তেওঁলোকে৷