গৃহ দপ্তৰে ফাইল সাজু কৰিছে৷ বিদেশৰ পৰা উভতিয়েই ফাইলত চহী কৰিব প্ৰধানমন্ত্ৰীয়ে৷ লগে লগে আৰম্ভ হ’ব লোকপিয়লৰ কাম৷ দেশত ২০২১ চনতে হ’বলগীয়া লোকপিয়ল অহামাহৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিব৷ ক’ভিড আৰু নিৰ্বাচনৰ বাবে পিছুৱাই ৰখা কামটোৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে৷
গৃহ দপ্তৰে ১৮ মাহৰ ভিতৰত লোকপিয়ল সম্পূৰ্ণ কৰিব৷ গতিকে দেশত কিমান জনসংখ্যা বৃদ্ধি হৈছে সেয়াও নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত প্ৰকাশিত হ’ব৷
কিন্তু এই লোকপিয়লে সলনি কৰি পেলাব পাৰে অসমৰ ভৱিষ্যৎ৷ অভিবাসী মুছলমানে স্থিতি সলনি কৰিলেই অসমীয়া ভাষাও বিলুপ্ত হৈ পৰিব পাৰে৷
বিগত লোকপিয়লৰ সময়তে অসমত অসমীয়াভাষী লোকৰ সংখ্যা হ্ৰাস পোৱাটো দৃষ্টিগোচৰ হৈছিল৷ কিন্তু তেতিয়া তেতিয়া মিঞা লোকসকলে অসমীয়াক মাততৃভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল৷ যাৰ বাবে ৰাজ্যভাষা হিচাপে মৰ্যাদা বাহাল আছিল অসমীয়াৰ৷
কিন্তু তেতিয়াও অসমতে বাংলাভাষাৰ প্ৰচলন বৃদ্ধি পোৱাটো নিশ্চিত হৈছিল৷ বৰাকৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাতো বাংলাভাষী লোকৰ হাৰবৃদ্ধি নিশ্চিত কৰিছিল সমীক্ষাই৷
কিন্তু সেইবাৰ মিঞাই ৰক্ষা কৰিছিল অসমীয়া ভাষাক৷ পিছে এইবাৰ পৰিস্থিতি অনুকূল নহয়৷ গতিকে লোকপিয়লৰ পিছতে মৰ্যাদা হেৰুৱাব পাৰে অসমীয়াই৷ হয়তো কাললৈ বিলুপ্ত হৈ যাব পাৰে অসমীয়া ভাষা৷