লক্ষ্মীৰ ৰূপত আহিছে বাংলাদেশী৷ সীমাৰ কাটাতাৰ পাৰ কৰাই দিলেই দালালক কোটি কোটি টকা দিছে বাংলাদেশীয়ে৷ দেশখনৰ শেহতীয়া অস্থিৰতা এচাম দালালৰ বাবে হৈ পৰিছে ধন ঘটাৰ সুৱৰ্ণ সুযোগ৷ অৰাজকতাৰ সময়ত বাংলাদেশৰ চহকী নাগৰিকে ভাৰত প্ৰৱেশৰ চেষ্টা চলাইছে৷ কিন্তু সেইচাম বাংলাদেশী সাধাৰণতে কাটাতাৰ পাৰ হৈ অহাসকলৰ দৰে নহয়৷
এতিয়া ভাৰতত প্ৰৱেশৰ বাবে উন্মুখ হৈ পৰিছে চহকী বাংলাদেশী৷ শ্বেখ হাছিনাৰ কাৰ্যকালত অগাধ ধন উপাৰ্জন কৰা লোকসকলে যেনে তেনে ত্যাগ কৰিবলৈ বিচাৰিছে স্বদেশ৷ আৱামী লীগৰ নেতাসকল জনৰোষত পৰিছে৷ সেয়ে তেওঁলোকে যিকোনো প্ৰকাৰে সীমান্ত অতিক্ৰমৰ চেষ্টা চলাইছে৷
ৰাইজে য’তে-ত’তে ধৰি মাধমাৰ শোধোৱাৰ ভয়ত আৱামী লীগৰ নেতা দেশত পলাই ফুৰিছে৷ বিমান বন্দৰতো ৰাইঝে ধৰি পিটিছে হাছিনাৰ একালৰ সহযোগীক৷
সেয়ে দুয়োহাতে ধন খৰচ কৰি হাছিনা চৰকাৰৰ এজন মন্ত্ৰীয়ে ত্ৰিপুৰাত বাহৰ পাতিছেহি৷ তেওঁ আগৰতলাৰ সমীপতে লুকাই আছে৷
হাছিনা চৰকাৰৰে আন এজন মন্ত্ৰীয়েও ভাৰতত প্ৰৱেশৰ বাবে দালালৰ সৈতে যোগাযোগ কৰিছে৷ তেওঁ কোটি টকাও খৰচ কৰিবলৈ সন্মত হৈছে৷ আমি লাভ কৰা খবৰ অনুসৰি দালালক ইতিমধ্যেই আগধন দিছে এতিয়াও বাংলাদেশতে থকা মন্ত্ৰীজনে৷
তেওঁৰ পৰিয়ালক সীমান্ত পাৰ কৰাই দিয়াৰ দায়িত্ব লৈছে প্ৰভাৱশালী দালালে৷ গতিকে বাংলাদেশৰ অৰাজকতাই এচাম দালালক দিছে ধন উপাৰ্জনৰ সুযোগ৷