মিত্ৰদলেই দিছে বাধা

দিন বেয়া চলিছে নৰেন্দ্ৰ মোদীৰ৷ সদনত বিজেপিৰ সংখ্যাগৰিষ্ঠতা নথকাৰ ফলত অৱস্থা কাহিল হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ৷ পূৰ্বৰ দৰে ইচ্ছানুসাৰি কোনো কামেই কৰিব পৰা নাই মোদীয়ে৷ বিল উত্থাপনৰ চেষ্টা কৰিও পিছ হুঁহকিবলগীয়া হৈছে তেওঁ৷ মুঠতে অমৃতকালতো মোদীৰ ইচ্ছা ফলৱৰ্তী হোৱা নাই৷
সদনত বিগত ১০ বছৰে নিজ ইচ্ছাৰে সকলো কাম সম্পন্ন কৰিছিল মোদীয়ে৷ সংখ্যাগৰিষ্ঠতাৰ জৰিয়তে ইচ্ছা মতেই আইনো প্ৰণয়ন কৰিছিল প্ৰধানমন্ত্ৰীয়ে৷
পিছে সম্প্ৰতি চৰকাৰ মিত্ৰদলৰ ওপৰত নিৰ্ভৰশীল৷ গতিকে সংশোধিত ৱাকফ বিলো এতিয়ালৈ চৰকাৰে পাছ কৰিব পৰা নাই৷ ৱাকফ আইন সংশোধীন কৰি ইতিমধ্যে কেবিনেটত পাছ কৰা হ’ল৷ কিন্তু বিৰোধীৰ বাধাৰ বাবে চৰকাৰে বিলখন সংসদত উত্থাপনেই কৰা নাই৷ সংখ্যৈালঘুৰ ৰোষত পৰাৰ ভয়ত বিজেপিৰ মিত্ৰদলে বিলখনক দিছে বাধা৷
একেদৰে ছ’চিয়েল মিডিয়াৰ লিখনী আৰু ভিডিঅ’তো চেঞ্চৰশ্বীপৰ ব্যৱস্থা কৰিছিল চৰকাৰে৷ ইউটিউবত যাতে যিকোনো বিষয়তে ভিডিঅ’ তৈয়াৰ কৰিব নোৱাৰি তাৰ বাবে প্ৰণয়ন কৰা হৈছিল ব্ৰড়কাষ্ট বিল৷
কিন্তু প্ৰস্তাৱিত বিধেয়কক লৈ প্ৰক্ৰিয়াৰ হ’ল৷ ফলত মিত্ৰদলেও বাধা দিলে বিজেপিক৷ গতিকে বিলখন পাছ কৰা উদ্যোগ গ্ৰহণ কৰিও থমকি ৰ’বলগীয়া হ’ল চৰকাৰ৷
উক্ত বিধেয়ক এতিয়াও চৰকাৰে পেলাই ৰাখিছে৷ কিন্তু কৰি আছে সুযোগৰ সন্ধান৷
আনহাতে কেন্দ্ৰীয় সচিবালয়ত IAS নহ’লেও ৪৫টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিছিল চৰকাৰে৷ পূৰ্বৰ পৰাই কেৱল IAS বিষয়াই কাৰ্যনিৰ্বাহ কৰি থকা পদত সাধাৰণ লোককো নিযুক্তিৰ আয়োজন কৰিছিল চৰকাৰে৷
কিন্তু জাতিগত সংৰক্ষণ প্ৰণালী ইয়াৰ জৰিয়তে বিঘ্নিত হ’ব বুলি শংকা কৰিলে মোদীৰ হনুমান চিৰাগ পাছোৱানে৷ তাৰ পিছত বিৰোধীয়েও ধিক্কাৰ দিলে মোদীক৷ গতিকে সেই প্ৰস্তুতিও বন্ধ কৰিবলগীয়া হ’ল চৰকাৰে৷
মুঠতে দীৰ্ঘদিনৰ পিছত মিত্ৰদলেই বান্ধি পেলাইছে মোদীৰ অশ্বমেধৰ ঘোঁৰা৷ এতিয়া দিন বেয়া চলিছে প্ৰধানমন্ত্ৰীৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email