সফল হ’বনে একত্ৰিত খিলঞ্জীয়া

জিকিব নোৱাৰিলে, পিছে কেবাবাৰো নিৰ্বাচনত অৱৰ্তীণ হ’ল তেওঁ৷ জীৱনৰ বিয়লি বিজেপিত যোগদান কৰিলেও ৰাজনৈতিকভাৱে তেওঁ সফল নহ’ল৷ কোনোদিনেই নিৰ্বাচনত জিকি নাপালে নেতাজন৷
কিন্তু ৰাজনৈতিকভাৱে বিফল মানুহজন সামাজিকভাৱে সফল হ’ল৷ তাহানিৰ অসম আন্দোলনৰ পৰা আমৃত্যু প্ৰাসংগিক হৈ থাকিল প্ৰণৱজিৎ ওৰফে ৰমু চলিহা নামৰ নেতাজন৷
তাহানিতে আঞ্চলিকতাবাদৰে জড়িত ৰমু চলিহা আছিল অসম আন্দোলনৰ নেতা৷ তাৰ পিছৰে পৰা প্ৰতিটো বিধানসভা নিৰ্বাচনত চলিহা আছিল শিৱসাগৰৰ অগপ প্ৰাৰ্থী৷ মিত্ৰতাৰ বাবে শিৱসাগৰ CPMক এৰি দিয়াৰ বাদে প্ৰতিটো নিৰ্বাচনত ৰমু চলিহাই কৰিছিল প্ৰতিদ্বন্দ্বিতা৷
নিজৰ গেৰেজটোকে নিৰ্বাচনী কাৰ্যালয় কৰি ৰমু চলিহাই কেবাবাৰো প্ৰতিদ্বন্দ্বিতা কৰিলে, কিন্তু বিফল হ’ল৷ এতিয়া তেওঁৰে পুত্ৰ শৃংখল চলিহাই শিৱসাৰৰ পৰা আৰম্ভ কৰিছে অসমীয়াত্বৰ নৱজাগৰণ৷ বহুতে অসমীয়া জাতিৰ ৰেনেছাঁ বুলিও অভিহিত কৰিছে শিৱসাগৰীয়াৰ সংগ্ৰামক৷
সৌসিদিনা মৃত্যুবৰণ কৰা প্ৰণৱজিৎ চলিহাৰ পুত্ৰৰ আহ্বানত একত্ৰিত হৈছে শিৱসাগৰৰ খিলঞ্জীয়া৷ গাঁও-চহৰৰ খিলঞ্জীয়া পথত উপস্থিত হৈছে৷
নিৰ্বাচনত বিফল হোৱা ৰমু চলিহাৰ পু্ত্ৰও যেন সামাজিকভাৱে সফল হৈছে৷ পিতৃৰ দৰেই প্ৰাসংগিক হৈ পৰিছে শৃংখল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email