PBৰ সমৰ্থনেই কাল হ’ব নেকি শৃংখলৰ?

বিবাহৰ মাত্ৰ কিছুদিনৰ পিছৰ কথা৷ শৃংখল চলিহাক হঠাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে৷ ৰাষ্ট্ৰবিৰোধী কাৰ্যত জড়িত বুলি অভিযোগ কৰি জে’লত ভৰাই থলে শৃংখলক৷ কিন্তু প্ৰায় এমাহৰ পিছত হঠাতে নিশা পুলিচে শৃংখলক জগালে৷ একো নোকোৱাকৈয়ে নিশা মটৰ চাইকেলত নি ঘৰত থৈ আহিলগৈ শৃংখল চলিহাক৷
বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ নেতা শৃংখল চলিহাৰ আচলতে উত্থান ঘটিছিল CAA আন্দোলনৰ সময়ত৷ অগ্নিবৰ্ষী নেতাজনক আন্দোলনৰ প্ৰথমেই শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ কিন্তু হঠাতে সেইবাৰো মুক্ত কৰি দিছিল৷ সৰ্বানন্দ সোণোৱালৰ ৰিস্ক ল’বলৈ নিবিচৰা স্বভাৱৰ বাবে মুকলি আকাশৰ তলতে আছিল শৃংখল৷
কিন্তু আছু বা কৃষক মুক্তিৰ দৰে সংগঠনৰ সহায় অবিহনে উগ্ৰ জাতীয়তাবাদেৰে শৃংখলে এইবাৰ আৰম্ভ কৰিলে খিলঞ্জীয়াৰ একত্ৰিতকৰণৰ কাম৷ শিৱসাগৰৰ পৰা অসমীয়া একত্ৰিত কৰি শৃংখলে আছুৰ পৰা হাইজেক কৰিলে খিলঞ্জীয়াৰ সুৰক্ষাৰ আন্দোলন৷ তেওঁৰ স্থিতিয়ে স্পষ্টভাৱে উমান দিলে- এতিয়া সমুজ্জ্বল ভট্টাচাৰ্যই অসমত অবিসম্বাদী ছাত্ৰনেতা নহয়৷
কিন্তু শৃংখলৰ বাটত আছে কাইট৷ ইতিমধ্যে শৃংখলৰ প্ৰতি পৰোক্ষ সমৰ্থন ব্যক্ত কৰিছে বিচ্ছিন্নতাবাদী নেতা পৰেশ বৰুৱাই৷ এতিয়া উক্ত সমৰ্থন প্ৰাসংগিক যেন লাগিব পাৰে, কিন্তু ভৱিষ্যতে শৃংখলৰ বাবে বিপজ্জনক হিচাপে বিবেচিত হ’ব পাৰে পৰেশ বৰুৱাৰ সমৰ্থন৷
কিয়নো বিগত সময়ত পৰেশ বৰুৱাৰ কৃপাদৃষ্টি লাভ কৰা প্ৰায় প্ৰতিজন নেতাৰে অসমত ঘটিছিল ৰাজনৈতিক পতন৷ জাতীয়তাবাদী নেতাৰ পতনৰ আঁৰতে আছিল বিচ্ছিন্নতাবাদীৰ ৰোষ৷
গতিকে খিলঞ্জীয়াৰ একত্ৰিতকণৰ সময়ত খুৰৰ সাকোৰে খোজ কাঢ়িছে শৃংখলে৷ এতিয়া তেওঁ সন্মুখীন হ’ব অগ্নিপৰীক্ষা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email