আজমলৰ উত্তৰাধিকাৰীৰ সন্ধান ওলাল

সন্ধানৰ শেষত নতুন অজমলক বিচাৰি পালে বিজেপিয়ে৷ কিন্তু কোন এই আজমলৰ উত্তৰাধিকাৰী৷ মুখ চুপতিৰেই বদৰুদ্দিন আজমলৰ সৈতে হিন্দুত্ববাদী শক্তিয়ে আৰম্ভ কৰিছিল ৰাজনীতি৷ আজমলক ধৰ্মান্ধ মোল্লা হিচাপে অভিহিত কৰিয়েই হিন্দুত্ববাদী এজেণ্ডা আগবঢ়াই নিছিল বিজেপিয়ে৷
এফালে আজমলে কয়- হিন্দু যুৱক প্ৰজনন ক্ষমতাহীন৷ লগে লগে ক্ৰিয়াৰ বিপৰীতে আৰম্ভ হয় স্বাভাৱিক প্ৰতিক্ৰিয়া৷ প্ৰৰোচিত কৰি আজমলে মুখ খোলাৰ লগে লগে হিন্দুসকলক একত্ৰিত হোৱাৰ আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই৷
বহুদিনৰ পৰা নিৰ্বাচনৰ সময়ত কোৱা হয়- আজমল অসমৰ মুখ্যমন্ত্ৰী হৈ যাব৷ সংক্ষেপে প্ৰৰোচনাৰ ৰাজনীতিক নামো দিয়া হ’ল মামা-চাচাৰ ৰাজনীতি বুলি৷
কিন্তু এই গোপন মিত্ৰতাক ৰাইজৰ কাষলৈ নিব পৰা নাছিল বিৰোধীয়ে৷ পিছে এইবাৰ সত্য ৰাইজে বুজিলে, ধুবুৰীত ১০ লাখ ভোটত হাৰিল আজমল৷ অৰ্থাৎ আজমলৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ৰাজনীতি উছন হ’ল৷ ৰাজনীতি বিজ্ঞানৰ বিজ্ঞানী আজমল মোল্লা ৰাজনীতি নাথাকিলেও কিন্তু নচলিব হিন্দুত্বৰ কূটনীতি৷
সেয়ে প্ৰথমেঅসমত আজমলৰ উত্তৰাধিকাৰী হিচাপে প্ৰক্ষেপ কৰা হৈছে বিদেশত ব্যৱসায় কৰি চহকী হোৱা হাবিব চৌধুৰীক৷ লাওছৰ চহকী ব্যৱসায়ীৰ যাদু কিন্তু অসমত নচলিল৷ লংপেণ্ট পিন্ধা চৌধুৰীয়ে অসমৰ মুছলমানক আকৰ্ষণ কৰিব নোৱাৰিলে৷ তেতিয়াৰ পৰা আজমলৰ উত্তৰাধিকাৰীৰ সন্ধানত আছিল বিজেপি৷
গতিকে বিজেপিয়ে বুজি পালে, আজমলৰ উত্তৰাধিকাৰী হ’বলৈ মুছলমান নেতাই পিন্ধিব লাগিব ধৰ্মীয় সাঁজ, ৰাখিব লাগিব দাড়ি৷
গতিকে সাজে-পোছাকে মিলি যোৱা মেহবুবুল হক হৈছে বিজেপিৰ চকুত উপযুক্ত নতুন আজমল৷ USTMৰ চেঞ্চেলৰ মেহবুবুল হকৰ সৈতেই ফ্লাড জেহাদৰ নামত মুখচুপতি বিজেপিয়ে আৰম্ভ কৰিছে৷ কথা শেষ হৈছে USTMৰ মছজিদসদৃশ গে’টত৷
কিন্তু নাভাবিব এই বিতৰ্ক শেষ হ’ব বুলি৷ কোনোপধ্যে নহয়, বাঢ়িহে যাব ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ৰাজনীতি৷ এই বিষয়ে পৰৱৰ্তী প্ৰতিবেদনত আগবঢ়াম বিশদ তথ্য৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email