BCCIৰ সচিব পদৰ পৰা জয় শ্বাহক অপসাৰণৰ বাবে শক্তিশালী লবীয়ে আয়োজন চলাইছিল৷ বিশেষকৈ কেন্দ্ৰীয় মন্ত্ৰীসভাত পিতৃ অমিত শ্বাহৰ ক্ষমতা কৰ্তন হোৱাৰ চৰ্চাৰ সময়তে তেওঁৰ বিৰুদ্ধে বিপক্ষ উঠি-পৰি লাগিছিল৷ কিন্তু BCCIৰ পৰা জয় শ্বাহৰ অপসাৰণ সম্ভৱ নহ’ল৷
দেশৰ সৰ্বশক্তিমান ক্ৰিকেট প্ৰশাসক হিচাপে নিজৰ উত্তৰণ ঘটোৱা জয় শ্বাহে সম্প্ৰতি ICCৰ পদবী দখলৰো মন মেলিছে৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ হ’বলৈ ইচ্ছা ব্যক্ত কৰিছে BCCIৰ সচিবে৷
সুকলমে বিশ্বৰ ভিতৰতে চহকী ব’ৰ্ড BCCI পৰিচালনাৰ পিছত জয় শ্বাহ ICCৰ পৰৱৰ্তী অধ্যক্ষ হোৱাটো হৈ পৰিছে নিশ্চিত৷
নিৰ্ধাৰত সূচী অনুসৰি এই মাহতে কলম্বোত অনুষ্ঠিত হ’ব ICCৰ বৈঠক৷ উক্ত সভাত জয় শ্বাহে নিজৰ প্ৰাৰ্থিত্বৰ বিষয়ে ঘোষণা কৰিব পাৰে৷ অৱশ্যে পৰৱৰ্তী সভাতে ICCৰ সভাপতি নিৰ্বাচন নহয়৷ নতুন মুৰব্বী নিৰ্বাচন কৰা হ’ব নৱেম্বৰত৷
আনহাতে বৰ্তমান ICCৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে নিউজিলেণ্ডৰ গ্ৰেগ বাৰ্কলেই৷ তেৱোঁ পৰৱৰ্তী কাৰ্যকালৰ বাবে আগ্ৰহী৷ পিছে বিগত নিৰ্বাচনত BCCIৰ সমৰ্থনতে বাৰ্কলে সভাপতি হিচাপে নিৰ্বাচতি হৈছিল৷ গতিকে যদি জয় শ্বাহে প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা কৰে তেন্তে বাৰ্কলেই এৰি দিব লাগিব পদ৷
ICCৰ পৰৱৰ্তী সভাত অৱশ্যে তিনি সহযোগী সদস্য নিৰ্বাচন কৰা হ’ব৷ বৰ্তমান ১১ সদস্য ৰাষ্ট্ৰই এই পদৰ বাবে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে৷ গতিকে BCCIএ নিজৰ পছন্দৰ সদস্যকে উক্ত পদত বহুওৱাৰ বাবে কৰিব চেষ্টা৷ যদি এইবাৰলৈ সফল হয়, তেন্তে নৱেম্বৰত ICCৰ সভাপতি হোৱাটো নিশ্চিত জয় শ্বাহ৷
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলত ভাৰতৰ একাধিপত্যৰ বাবে সভাপতিও চাৰিবছৰৰ ব্যৱধানত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈ আহিছে৷ BCCIৰ সমৰ্থনপ্ৰাপ্ত প্ৰাৰ্থীয়েই হৈছে ICCৰ সভাপতি৷ গতিকে এইবাৰো খাটাং জয় শ্বাহৰ নিৰ্বাচন৷