দিল্লীলৈ যোৱাৰো ইচ্ছা আছে, কিন্তু ভয়ো লাগিছে৷ অসমৰ সাংসদসকলে উৰাজাহাজত উঠিবলৈ ভয় কৰা হৈছে৷ আহমেদাবাদৰ দৰে কালান্তক ঘটনাৰ ভয়তে গুৱাহাটীতে বাহৰ পাতিছে কেবাজনো সাংসদে৷ অৱশ্যে সাংসদসকলে ভয় কৰাৰ কাৰণ আছে৷ তেওঁলোকক চৰকাৰে দিয়ে নিৰ্দিষ্টসংখ্যক বিনামূলীয়া বিমান যাত্ৰাৰ সুবিধা৷ কিন্তু চৰকাৰে কেৱল এয়াৰ ইণ্ডিয়াতহে ভ্ৰমণ কৰিবলৈ ৰাজসাহায্য প্ৰদান কৰে৷
হজযাত্ৰীকো চৰকাৰে কেৱল এয়াৰ ইণ্ডিয়াত ভ্ৰমণ কৰিবলৈ সুবিধা দিয়ে৷ বহু চৰকাৰী কৰ্মচাৰীয়ে এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰা কৰিলে ৰেহাই লাভ কৰে৷ বহুদিন এয়াৰ ইণ্ডিয়াতে যাত্ৰা কৰিও আছিল সাংসদ আৰু সাধাৰণ হিতাধিকাৰীয়ে৷ কিন্তু ড্ৰীমলাইনাৰৰ দুৰ্ঘটনাই ভাল ভয় খুৱালে সাংসদসকলক৷ তেওঁলোকে গুৱাহাটীৰ পৰা দিল্লীলৈ যাত্ৰাৰ বাবেও ভয় কৰা হ’ল৷
অসমৰে এজন সাংসদৰ সহকাৰী বৰ্তমান দিল্লীলৈ যোৱাৰ বাবে অমান্তি হৈছে৷ সাংসদজনৰ ভাত ৰান্ধনীও এয়াৰ ইণ্ডিয়াত উঠিবলৈ শংকিত হৈছে৷ গুৱাহাটীৰ পৰা দিল্লীৰ মাজতো এয়াৰ ইণ্ডিয়াই চলায় ড্ৰীমলাইনাৰ৷ যিখন বিমান আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছে সেইখনেই গুৱাহাটী-দিল্লীৰ মাজত চলিছিল৷ সেয়ে অধিক শংকিত হৈছে যাত্ৰীসকল৷
কিছুদিন পূৰ্বে অসমলৈ অহা তিনিজন সাংসদে দিল্লীলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ চিন্তাহে কৰি আছে৷ চৰকাৰী ধনেৰে এয়াৰ ইণ্ডিয়াৰ টিকট পাইছে যদিও আকৌ অঘটন হয় বুলি তেওঁলোক ঘৰতে সোমাই আছে৷ কিন্তু আন এয়াৰলাইনছত যাত্ৰা কৰিবলৈ নিজে পইচা খৰচ কৰিব লাগিব৷ গতিকে ভয়ে ভয়ে দিল্লীযাত্ৰা কৰিবলৈ বাধ্য হৈছে সাংসদসকল৷
ড্ৰীমলাইনাৰৰ দুৰ্ঘটনাৰ বাবে এয়াৰ ইণ্ডিয়াৰ বিমান অসুৰক্ষিত বুলি পতিয়ন গৈছে বহু যাত্ৰী৷ সেইবাবেও আন এয়াৰলাইনছ লাভৱান হৈছে৷ এয়াৰ ইণ্ডিয়াৰ টিকট কেন্সেল কৰি ইণ্ডিগ’ত উঠিছে যাত্ৰীসকল৷ আহমেদাবাদৰ অঘটনৰ পৰিপ্ৰেক্ষিতত স্পাইচজেটৰো গ্ৰাহক বাঢ়িছে৷
এয়াৰ ইণ্ডিয়াৰ বিমানত ছাই হৈ যোৱাৰ শংকা
