সাৱধান, সাপ ঘৰত সোমাইছে

টিকাফটা ৰ’দৰ পিছত কলহৰ কাণে ঢলা বৰষুণ চলিছে অসমত৷ ফলত ওফন্দি উঠা পথাৰৰ পৰা ঘৰত সোমাইছে বিষাক্ত সাপ জনাঞ্চলত বিষধৰ সৰ্পৰ বিচৰণৰ ফলত এসপ্তাহৰ ভিতৰতে কেবাটাও অঘটন ঘটিছে গতিকে ৰাইজ- আগতীয়াকৈ হওক সাৱধান সৰ্প দংশনৰ পিছত চিকিৎসাতকৈ আগতেই সাৱধানতা অৱলম্বন কৰক খবৰ অনুসৰি কিছুদিনৰ ব্যৱধানতে বজালীত এজন লোকেৰ সাপৰ দংশনৰ ফলত মৃত্যু ঘটিছে একেদৰে মাজুলীতো সাপে খুটি মাৰিছে এজন লোকক দুয়োজন লোকে সময়মতে চিকিৎসা লাভ নকৰা বুলিও অভিযোগ তুলিছে স্থানীয় ৰাইজে কিন্তু ৰাজ্যৰ অধিকাংশ চিকিৎসাকেন্দ্ৰতে এণ্টিভেনম নাই বুলি আমি লাভ কৰিছোঁ খবৰ৷ প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যৰ ৭০ শতাংশ গ্ৰাম্য চিকিৎসাকেন্দ্ৰতে নাই মানৱদেহত সাপৰ বিষ নিষ্ক্ৰিয় কৰিবলৈ প্ৰয়োজনীয় ঔষধবিধ বিশেষকৈ নামনি অসমৰ মাত্ৰ ৭ শতাংশ হাস্পতালতহে উপলব্ধ হৈছে এণ্টিভেনম কিন্তু উজনি অসমৰ চাহ বাগিচাৰ হাস্পতালত এণ্টিভেনম কিছুপৰিমাণে উপলব্ধ হৈছে কিন্তু বঙাইগাঁও বা বৰপেটাৰ লোকক বিষাক্ত সাপে খুঁটিলে এণ্টিভেনমৰ বাবে কমেও ৪০ কিলোমিটাৰ পথ অতিক্ৰম কৰিবই লাগিব স্বাভাৱিকতে দৰৱৰ অভাৱৰ বাবেও পৰিস্থিতি হৈ পৰিছে বিপজ্জনক সাধাৰণতে সৰ্পদংশনৰ পিছৰ এঘণ্টাক চিকিৎসকে চিকিৎসাৰ বাবে সোণোৱালী সময় হিচাপে অভিহিত কৰে এইসময়ত চিকিৎসা আৰম্ভ কৰিব পাৰিলে ৰোগীৰ জীৱন সুৰক্ষিত হয় কিন্তু দংশনৰ পিছত গ্ৰামাঞ্চলৰ পৰা ৪০ কিলোমিটাৰ বাটকুৰি বাই চিকিৎসালয়ত উপস্থিত হোৱাটো দুৰূহ গতিকে ৰাইজ আগতীয়াকৈ হওক সাৱধান৷ অন্যথা সাপৰ দংশনে কৰিব জীৱনহানি

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial