শিৱসাগৰৰ ভটিয়াপাৰ বাৰীচুকত থকা অ’এনজিচিৰ ১৪৭ নং ৰীগত সংঘটিত গেছ নিৰ্গমন প্ৰক্ৰিয়া ৩০ ঘণ্টা উকলি যোৱাৰ পিছতো নিয়ন্ত্ৰণ কৰিব পৰা নাই ONGCৰ RCMT বিভাগে৷ বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত ৰীগটোত ‘ৱৰ্ক অভাৰ অপাৰেশ্যন’ চলি থকাৰ সময়ত বিস্ফোৰণ সংঘটিত হৈছিল৷ তাৰ পিছতে ৰীগটোৰ পৰা উচ্চ চাপ সম্পন্ন প্ৰাকৃতিক গেছ নিৰ্গত হৈছিল৷
গতিকে যিকোনো সময়ত অগ্নি সংযোগ হোৱাৰ আশংকা থকা ৰীগটোত আগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় এক ডজন বাহনে অগ্নিকাণ্ড সংঘটিত নহ’বৰ বাবে পানী ঢলাৰ ব্যৱস্থা কৰে৷ পৰৱৰ্তী সময়ত দিখৌ নদীৰ পৰা পাম্পৰ সহায়ত পানী মৰাৰ ব্যৱস্থা কৰা হয় আৰু বিগত প্ৰায় ৩০ ঘণ্টা গেছ নিৰ্গমন ৰোধৰ বাবে অ’এনজিচি আৰ চি এম টি বিভাগে কেৱল এই কাৰ্য অব্যাহত ৰাখিছে৷
তাৰ বাদে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব নোৱৰা অ’এনজিচিৰ দুৰ্যোগ নিবাৰণ বিভাগৰ সক্ষমতাৰ প্ৰতি ৰাইজৰ সন্দেহ সৃষ্টি হৈছে৷ কিয়নো এই গেছ নিৰ্গমন বন্ধ কৰিব নোৱাৰিলে অধিক খাৰুৱা তেলৰ উপস্থিতিৰ বাবে যিকোনো সময়ত এক ভয়াৱহ অগ্নিকাণ্ডৰ আশংকা কৰা হৈছে৷
ইতিমধ্যে ৰীগৰ ওচৰত থকা বহুকেইটা পৰিয়ালৰ প্ৰায় সত্তৰগৰাকী লোকে শিৱসাগৰ জিলা প্ৰশাসনৰ দ্বাৰা ব্যৱস্থাপনা কৰা ভাটিবন গাঁও হাইস্কুলৰ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে৷ কালি এই নিৰ্গমন ঘটনা সংঘটিত হোৱাৰ পিছতে অ’এনজিচিৰ আৰ চি এম টি, বিঅপি কণ্ট্ৰ’ল ইউনিট আদি উপস্থিত হৈ সোনকালে এই বিপৰ্যয় ৰোধ কৰাৰ ঘোষণা কৰাৰ লগতে মাড ছ’লিউছন টেকনিক ব্যৱহাৰ কৰি এই নিৰ্গমন ৰোধ কৰিব পৰা যাব বুলি জিলা প্ৰশাসনক জানিব দিয়া হৈছিল যদিও আজি তেনে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে৷
কালিৰে পৰা ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক এৰাই চলা অ’এনজিচি কৰ্তৃপক্ষই নিয়মমাফিক প্ৰেছ বাৰ্তা প্ৰেৰণ কৰি নিজৰ বিফলতাক উদঙাই দিছে৷ উক্ত প্ৰেছ বাৰ্তাত অ’এনজিচি কৰ্তৃপক্ষই অ’এনজিচিৰ সংকট ব্যৱস্থাপনা দলে ৰীগটো নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় সঁজুলি স্থাপনৰ কামত ব্ৰতী হৈছে৷
ৰীগটো নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়োজনীয় দ্ৰৱ্য পদাৰ্থ প্ৰস্তুত কৰি থোৱা হৈছে আৰু অভিযানৰ পৰৱৰ্তী পদক্ষেপ কাইলৈ পুৱাৰ পৰা আৰম্ভ হ’ব বুলি আশা কৰা হৈছে৷ গেছৰ উপস্থিতিৰ বাবে সংশ্লিষ্ট কৰ্মচাৰীসকলৰ বাহিৰে আনক এই স্থানলৈ যোৱাত বাধা দিয়া হৈছে বুলি উল্লেখ কৰি সংবাদ মাধ্যমক আন কোনো তথ্য প্ৰদানৰ পৰা আঁতৰি আছে৷
এই ৰীগটোৰ দুৰ্যোগ নিয়ন্ত্ৰণৰ বাবে অ’এনজিচি অসম সম্পদস্থিত বিশেষজ্ঞৰ দ্বাৰা এই কাম সম্পন্ন হ’ব নে আন কোনো বিশেষজ্ঞ দল আহিব সেই বিষয়ে অ’এনজিচিৰ কৰ্তৃপক্ষই কোনো কথা ৰাজহুৱা কৰা নাই৷
আনহাতে এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি প্ৰাকৃতিক গেছ নিৰ্গত হোৱা ৰীগটোত নিয়ন্ত্ৰণ লাভৰ বাবে বৰোদাৰ পৰা এক বিশেষজ্ঞ দল কাইলৈ আহি শিৱসাগৰত উপস্থিত হ’ব৷ এই দলটোৱে আহি পৰিস্থিতি পৰ্যবেক্ষণ কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ এনে অহৰহ গেছ নিৰ্গমনৰ ফলত যে একাংশ লোকে ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰত থাকিব লগা হৈছে এনে নহয়৷
ফলত অঞ্চলটোৰ স্বাস্থ্য-কৃষি-পশুপালন দিশতো বিৰূপ প্ৰভাৱ পৰিছে৷ নিৰ্গমন হোৱা গেছৰ প্ৰচণ্ড শব্দৰ ফলত স্থানীয় লোকৰ মাজত বিভিন্ন পাৰ্শ্বক্ৰিয়া দেখাৰ লগতে নিৰ্গমিত খাৰুৱা তেলৰ কণিকা বতাহত বৃদ্ধি পোৱাৰ ফলত স্বাস্থ্য সম্বন্ধীয় কু-প্ৰভাৱ দেখা গৈছে৷ সেইদৰে পৰিৱেশৰ ফলত আক্ৰান্ত হৈছে পশুধন৷ লগতে স্থানীয় লোকৰ কৃষিভূমিও গেছ নিৰ্গমনৰ ফলত হোৱা প্ৰদূষণৰ আওতাত আহি পৰিছে৷ অৱশ্যে শিৱসাগৰ জিলা প্ৰশাসনে ইতিমধ্যে এই নিৰ্গমনৰ ফলত কৃষিৰ লগতে পশুধনৰ কিমান ক্ষয়-ক্ষতি হৈছে সেয়া জৰীপ কৰিবলৈ কৃষি আৰু পশুপালন বিভাগক নিৰ্দেশ দিছে৷
এই ক্ষতিপূৰণ কৰিবলৈ শিৱসাগৰ জিলা প্ৰশাসনে অ’এনজিচি কৰ্তৃপক্ষক বাধ্য কৰাব বুলিও এক সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ উল্লেখ্য যে শিৱসাগৰ জিলা প্ৰশাসনে এই দুৰ্যোগৰ ফলত আক্ৰান্ত হোৱা লোকৰ থকা-খোৱাৰ লগতে স্বাস্থ্য সম্পৰ্কীয় বিষয় মোকাবিলা কৰিবৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব দিছে৷ লগতে ৰীগৰ পৰা এক কিল’মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বিশেষ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও জানিব দিছে৷ আনহাতে, আজি একাংশ লোকৰ লগতে দল-সংগঠনে ৰীগটোত সৃষ্টি হোৱা বিপৰ্যয়ৰ বাবে ৰীগ পৰিচালনা কৰা এছ কে পেট্ৰ’কেমিকেল্ছ নামৰ কোম্পানীটোৰ হেমাহিৰ কথা উল্লেখ কৰি এই বিপৰ্যয়ৰ এক উচিত তদন্ত দাবী কৰিছে৷
অসমৰ বিশেষজ্ঞ বিফল, ঢালিয়েই আছে পানী
