ব্ৰইলাৰ খাই মতলীয়া হ’ল কুকুৰ

সাৰমেয়ৰ উপদ্ৰৱত  থাকিব নোৱাৰা হৈছ গঞা গাঁৱত সহস্ৰাধিক কুকুৰ পোৱালিয়ে খাদ্যৰ সন্ধান কৰি গাঁৱৰ সাধাৰণ  ৰাইজৰ অৰ্থনৈতিক ক্ষতি কৰিছেকোনেও ছাগলী পুহি দুপইচা   উপাৰ্জনো কৰিব নোৱাৰা হৈছে পূৰ্বৰ দৰে পথাৰত চৰিবলৈ এৰি দিব  নোৱাৰা হৈছে গৰু-ছাগলী দৰাচলতে শেহতীয়াকৈ প্ৰজননৰ ঋতুৰ পিছত জন্ম হৈছে হাজাৰোধিক কুকুৰ পোৱালি৷ বিশেষকৈ গ্ৰামাঞ্চলত মুঠ প্ৰায় ৮ হাজাৰ কুকুৰ পোৱালি জগিছে কিন্তু গ্ৰামাঞ্চলত বৃহৎসংখ্যক কুকুৰৰ বাবে নাই প্ৰয়োজনীয় খাদ্য৷ নতুনকৈ জন্মাৰ পিছত হোৱা কুকুৰৰ সংখ্যাবৃদ্ধিয়ে  খাদ্যসংকটৰ সূচনা কৰিছে ফলত কুকুৰৰ দলে ধ্বংস কৰিছে ব্ৰইলাৰ ফাৰ্ম বৰ্তমান গ্ৰামাঞ্চলত ব্ৰইলাৰ কুকুৰাৰ ফাৰ্মৰ জৰিয়তে খিলঞ্জীয়া  যুৱকে জীৱিকা নিৰ্বাহ কৰি আছে কিন্তু কুকুৰৰ বৰ্ধিত সংখ্যাৰ ফলত ব্ৰইলাৰ ফাৰ্মত তলা লগাবলগীয়া হৈছেএকেদৰে ঘৰতে পোহা হাঁহ অথবা কুকুৰাও মাৰি বখলিয়াই পেলাইছে অঘৰী কুকুৰে সময়ত মুকলি পথাৰত গৰু-ছাগলী চৰিবলৈ  এৰি দিয়ে গঞা পালকে কিন্তু এইবাৰ তেনেকৈ দিয়াটো হৈ পৰিছে অসম্ভৱ পথাৰতে ছাগলী  বখলিয়াই পেলাইছে ভোকাতুৰ কুকুৰে কেৱল ডিব্ৰুগড়তে ২৩ জনী গাই কামুৰিছে অঘৰী কুকুৰে শোণিতপুৰত প্ৰতিদিনে গৰু  কুকুৰৰ আক্ৰমণৰ চিকাৰ হৈছে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial