দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ভিডিঅ’ কৰাটোও অপৰাধ
বিমান দুৰ্ঘটনাৰ ভিডিঅ’ কৰাৰ বাবে মুছলমান যুৱকক গ্ৰেপ্তাৰ
আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল বিমান বন্দৰৰ পৰা টেক-অফ কৰিয়েই বয়িং ৭৮৭-৮ ড্ৰীমলাইনাৰে যেতিয়া নিকটৱৰ্তী অট্টালিকাত খুন্দা মাৰিছিল তেতিয়া ভিডিঅ’ কৰি আছিল আৰয়ানে৷ ১৫ বছৰীয়া আৰয়ানে বিমানখনৰ উৰণৰহে ভিডিঅ’ কৰিছিল৷ কিন্তু ঘটনাক্ৰমে বিমান দুৰ্ঘটনাৰ দৃশ্যও তেওঁৰ কেমেৰাত বন্দী হ’ল৷
দুৰ্ঘটনাৰ পিছতে ছ’চিয়েল মিডিয়াত বিয়পি পৰা ভিডিঅ’টো আৰয়ানেই কৰিছিল৷ আহমেদাবাদৰ ১৫ বছৰীয়া কিশোৰ আৰয়ানক আৰক্ষীয়ে ষড়যন্ত্ৰৰ সৈতে জড়িত বুলি অভিযুক্ত কৰিছে৷ সঠিক সময়ত ভিডিঅ’ কৰা বাবে আৰয়ানৰ সৈতে মিলি থকা জেহাদীয়ে এই কাণ্ড সংঘটিত কৰা বুলি দাবী কৰিছে আৰক্ষীয়ে৷
নাবালক ছাত্ৰজনে চখতে বিমানখনৰ টেক-অফৰ দৃশ্য ভিডিঅ’ কৰা বুলি দাবী কৰিছিল৷ কিন্তু আৰয়ানক আল-কায়দাৰ সৈতে জড়িত বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ তেওঁক ন্যায়ালয়ত হাজিৰ কৰাই জিম্মাত লৈছে পুলিছে৷ একেদৰে এজন সাংবাদিকেও ভাৰতত সাংঘাতিক ঘটনা ঘটিব বুলি আশংকা কৰিছিল৷
কিন্তু আৰয়ানক গ্ৰেপ্তাৰ কৰাটো মানি ল’ব পৰা নাই বেছিভাগ লোকে৷ ১৫ বছৰীয়া ছাত্ৰজনে কেনেকৈ বিমান দুৰ্ঘটনাৰ পৰিকল্পনা কৰিব বুলি তেওঁলোকে প্ৰশ্ন তুলিছে৷ মুছলমান বাবেই আৰয়ানক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে জনতাই৷ দশম শ্ৰেণীত অধ্যয়নৰত আৰয়ানে হাঁহি-ধেমালিৰ মাজেৰেই ভিডিঅ’ কৰা বুলি বাৰম্বাৰ দাবী কৰিছে৷
তেওঁৰ দাবীৰ প্ৰতি সঁহাৰি নাই গুজৰাট আৰক্ষীৰ৷ দাগী আচামীৰ দৰে আৰয়ানক পুলিচে গাড়ীত তুলিছে৷ ড্ৰীমলাইনাৰৰ দুৰ্ঘটনাৰ ভিডিঅ’ আৰয়ানৰ বাবে অভিশাপ হৈ পৰিছে৷ তেওঁ কোৱা মতে চখতে ৰেকৰ্ড কৰিছিল সেই দৃশ্য৷ কিন্তু সেই কথাটোৱেই আৰক্ষীৰ অস্ত্ৰ হৈ পৰিল৷
আৰয়ানে কি ভুল কৰিলে
