মাৰোৱাৰী কৰ্মচাৰীয়েহে পায় ছুটী


বানত গুৱাহাটী উটি গ’লেও ছুটী নিদিয়ে অসমীয়া কৰ্মচাৰীক৷ বিহাৰী অথবা মাৰোৱাৰী কৰ্মচাৰীক শ্বপিং মল কৰ্তৃপক্ষই ছুটী দিয়ে৷ কিন্তু গুৱাহাটীত প্ৰলয় হ’লেও অসমীয়া কৰ্মচাৰীয়ে কৰ্তব্য কৰিবই লাগিব৷ বানৰ সময়তো তেওঁলোকে ছুটী নাপায়৷ এদিন চাকৰিলৈ নগ’লে মাৰোৱাৰী মালিকে কাটি দিয়ে দৰমহা৷
হিন্দীভাষী কৰ্মচাৰী এইধৰণৰ নিষ্ঠুৰতাৰ কিন্তু সন্মুখীন হ’বলগীয়া নহয়৷ তেওঁলোকক নিজৰ বুলি ভাবে শ্বপিং মল কৰ্তৃপক্ষই৷ পিছে সেইসকল অসমীয়া কৰ্মচাৰীৰ প্ৰতি আচৰিতভাৱে নিষ্ঠুৰ৷ দল-সংগঠনৰ ৰোষত পৰাৰ ভয়ত তেওঁলোকে অসমীয়া কৰ্মচাৰী ৰাখিছে যদিও পাৰেমানে অত্যাচাৰ কৰিছে৷ ফাঁচীবজাৰস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাকৰিয়ালে জনোৱা মতে হাজাৰ বিপদৰ সময়তো তেওঁলোকে কৰ্তব্য কৰিবই লাগিব৷ নহ’লে খেদি দিব মালিকে৷
শেহতীয়াকৈ গুৱাহাটীত হোৱা প্ৰলয়ংকৰী বানৰ সময়তো তেওঁলোকে নুনমাটিৰ পৰা খোজ কাঢ়ি গৈ ফাঁচীবজাৰত ডিউটী কৰিছিল৷ এইসকল কৰ্মচাৰীৰ ৯৫ শতাংশ হৈছে মহিলা৷ অসমীয়া মহিলাক মাহিলী ৮ৰ পৰা ১২ হাজাৰ টকা দৰমহাত শ্বপিং মলে চাকৰি দিছে৷ তেওঁলোকে বতাহ-বৰষুণ যিয়েই নহওক, সদায় সময়ত গৈ কৰ্মস্থলীত হাজিৰ হ’বই লাগিব৷
কিন্তু মলৰ অনা-অসমীয়া কৰ্মচাৰীক মালিকে আপোন বুলি গণ্য কৰে৷ সেয়ে তেওঁলোকে বন্ধ আৰু ছুটী পায়৷ কিন্তু অসমত অসমীয়াই নাপায় ছুটী লোৱাৰ অধিকাৰ৷ আনহাতে বানৰ বাবে চৰকাৰে কৰ্মচাৰীক ছুটী দিছিল৷ সেইখন অসমৰে ৰাজধানী চহৰত ২০ কিলোমিটাৰ খোজ কাঢ়িও অসমীয়া মহিলাই বানৰ প্ৰলয়ৰ সময়তো ১০ হাজাৰটকীয়া চাকৰিত হাজিৰ হ’বলগীয়া হৈছে৷
আমাৰ সৈতে হোৱা কথোপকথনৰ সময়ত মহিলা দুগৰাকীয়ে বিষয়টো জাতীয় সংগঠনৰ দৃষ্টিগোচৰ কৰাবলৈ আহ্বান জনাইছে৷ অসমীয়াৰ তেজ শুহি খোৱা বহিৰাগত বণিয়াই যে অসমীয়া মহিলাক নিৰ্যাতন চলাইছে সেই বিষয়টোত সক্ৰিয় হৈ পৰক জাতীয়তাবাদী পক্ষ৷ এয়াই আমাৰ আহ্বান৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial