গুৱাহাটীৰ অভিজাত মালিকে সন্ধিয়াই কৰিলে চুৰি

নম্বৰটো মনত ৰাখক- AS 17 N 7767
বগা ৰঙৰ বেলেনো গাড়ী৷ সন্ধ্যাৰ হিবিজিবি গুৱাহাটীত গাড়ীখনে ট্ৰেফিক জেম সৃষ্টি কৰিছে৷ গুৱাহাটীৰ ব্যস্ত পথৰ মাজতে ড্ৰাইভাৰে ৰখাই দিছে গাড়ীখন৷ ডিভাইডাৰৰ কাষলৈ গাড়ীখন চপাই নিছে৷ ড্ৰাইভাৰে ছিটৰ পৰাই হাতেৰে থপিয়াই ছিঙিছে ডিভাইডাৰৰ ফুলগছৰ ডাল৷
এয়াই হৈছে অভিজাত মহানাগৰিকৰ স্বভাৱ৷ গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ উদ্দেশ্যে চৰকাৰে ডিভাইডাৰত ফুল ৰুইছে৷ বৰ্তমান কেবাটাও পথত ফুল ফুলিছে৷ সেইবোৰ ঘৰলৈ নিয়াৰ চেষ্টা কৰিছে তথাকথিত দায়িত্বশীল নাগৰিকে৷ এই গাড়ীখনৰ চালকলৈয়ে মন কৰক- তেওঁ ফুলৰ ডাল ভাঙি নিয়াৰ বাবে পথৰ এটা লেনত যান-জঁটৰে সৃষ্টি কৰিছে৷
তেওঁ পিছফালৰ গাড়ীয়ে অহৰ্নিশে মাৰি থকা হৰ্নলৈ কেৰেপ কৰা নাই৷ ড্ৰাইভাৰে ঢুকি পোৱালে ফুলগছৰ ডাল ছিঙি কাষৰ ছিটত বহি থকা সহযাত্ৰীক দিছে৷ চৰকাৰে ৰোৱা ফুল যাতে ঘৰলৈ নিব পাৰে সেই উদ্দেশ্যে সন্ধিয়াই পথৰ পৰা ফুল চুৰি কৰিছে গাড়ীখনৰ গৰাকীয়ে৷ গুৱাহাটীৰ ব্যস্ত পথত সন্ধিয়া ফলত অত্যধিক জেমৰ সৃষ্টি হৈছে৷ তথাপি কেৰেপ কৰা নাই অভিজাত ফুলচোৰে৷
এইবাৰ চৰকাৰে এডভাণ্টেজ অসম সন্মিলনৰ বাবে গুৱাহাটীৰ শোভাবৰ্ধন কৰিবলৈ চেষ্টা চলাই ৰুইছিল ফুলগছ৷ ডিভাইডাৰত ফুলগছৰ উপৰি কেবাটাও টাব থোৱা হৈছিল৷ সেইবোৰ ইতিমধ্যে গুৱাহাটীয়া চোৰে ঘৰলৈ নিলে৷ শেষত থকা ডিভাইডাৰৰ ফুলগছ কেইজোপাতো চোৰৰ চকু পৰিল৷ ৰাস্তাৰ সলনি ঘৰৰ সৌন্দৰ্য বৰ্ধনৰ উদ্দেশ্যে গাড়ীৰ পৰা থপিয়াই নিলে ফুল৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial