ৰাজস্থানী যুৱতী খুছবুৰ বিয়া জানুৱাৰীতহে হৈছিল৷ তেওঁৰ স্বামী মনফুল সিঙে আকৌ লণ্ডনত গৱেষণা কৰি আছে৷ বিয়াৰ পিছৰে পৰা স্বামীক দেখা নাছিল খুছবুৱে৷ সেয়ে লগ পোৱাৰ হেঁপাহেৰে আজি গুজৰাটৰ চৰ্দাৰ বল্লভভাই পেটেল অসামৰিক বিমান বন্দৰৰ টাৰ্মিনেলত যথাসময়ত উপস্থিত হৈছিল খুছবু৷
পৰিয়ালে বিদায় সম্ভাষণ জনাই খুছবুক এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৮ত বহুৱাই দিছিল৷ ড্ৰীমলাইনাৰৰ সুকোমল আসনত বহিয়েই অজস্ৰ সপোনে খুছবুৰ মন আকাশত তুলিছিল হেন্দোলনি৷ পিছে সেই সপোনবোৰ আকাশতে ভস্ম হৈ গ’ল৷ ৰাজস্থানৰ বালোতাৰা জিলাৰ আৰাবা নামৰ সৰু গাঁৱখনৰ সূৰ্যমুখী যুৱতী খুছবুও আন যাত্ৰীৰ সৈতে পুৰি ছাই হৈ গ’ল৷
দুৰ্ঘটনাৰ বিষয়ে গম নাপাওতেই বিমানখনে বিজে চিকিৎসা মহাবিদ্যালয়ৰ উচ্চ হোষ্টেলত খুন্দা মাৰিলে৷ লগে লগে জ্বলি উঠিল জুই৷ বৰ্তমান এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰা মতে বিমানখনত আছিল প্ৰায় ৯০ টন অতি দাহ্য সামগ্ৰী৷
সেয়ে জুইৰ প্ৰাবল্য বেছি হ’ল৷ বিমানখনে দীঘলীয়া যাত্ৰাপথত ক’তো অৱতৰণো কৰাৰ কথা নাছিল৷ আহমেদাবাদৰ পৰা আৰব সাগৰৰ ওপৰেৰে ওমান হৈ লণ্ডনত উপস্থিত হোৱাৰ দিক নিৰ্ধাৰণ কৰা হৈছিল৷
ভাৰতে যিহেতু পাকিস্তানৰ আকাশমাৰ্গ বৰ্জন কৰিছে সেয়ে এই পথেৰেই কিছুদিন যাত্ৰা চলি আছিল৷ কিন্তু আজিৰ কালিকা লগা আকাশত সকলো শেষ হৈ গ’ল৷ আনহাতে খুছবুক বিমানকোঠত বিদায় দি পিতৃয়ে হোৱাটছএপত দিছিল ষ্টেটাছ৷ য’ত দেউতাকে জীয়েকক আশীৰ্বাদ দিছিল৷ কিন্তু সেয়াই যে কন্যাৰ সৈতে তেওঁৰ শেষ দেখা সেয়া জনা নাছিল দেউতাকে৷
লণ্ডনত থকা স্বামীক লগ ধৰিবলৈ গৈছিল ৰাজস্থানী খুছবু
