ডঃ হিমন্ত বিশ্ব শৰ্মাই কুলক্ষণীয়া কামবোৰ কৰি আছে
মোদীয়ে কয় ডিজিটেল ইণ্ডিয়া ঘৰত বহিয়েই সকলো সুবিধা ৰাইজে লাভ কৰিব৷ কিন্তু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মতে ৰাজ্য শাসন কৰিবলৈ দুখন ৰাজধানী লাগে৷
কিন্তু বিগত সময়ত এখন ৰাজ্যত দুখন ৰাজধানী পতা এজনো মুখ্যমন্ত্ৰী পৰৱৰ্তী নিৰ্বাচনত জিকিব পৰা নাই৷ দ্বৈত ৰাজধানী অভিশাপে প্ৰতিবাৰেই মুখ্যমন্ত্ৰীজনৰ হাতৰ পৰা ক্ষমতা কাঢ়ি নিছে৷
কৰ্ণাটকলৈয়েই চাওক
বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাই বাংগালুৰুৰ উপৰি বেলগ্ৰামত ৪০০ কোটি খৰচ কৰি দ্বিতীয় ৰাজধানী পাতিছিল৷ বেলগ্ৰামত বিধানসভাৰ ১০ দিনীয়া শীতকালীন অধিৱেশনৰ বাবে ১৩ কোটি টকা খৰচ কৰি দুখন ট্ৰাকত ফাইল নিবলগীয়া হৈছিল। কিন্তু সেইবাৰ কিছুদিনৰ পিছতে খনি কেলেংকাৰিত অভিযুক্ত হৈ অপসাৰিত হৈছিল য়েডিয়ুৰাপ্পা৷
তাৰ পিছত উত্তৰাখণ্ডৰ ভাৰাৰিছেইন শীতকালীন ৰাজধানী পাতিছিল কংগ্ৰেছী মুখ্যমন্ত্ৰী বিজয় বহুগুণাই৷ কিন্তু দ্বিতীয় ৰাজধানী নিৰ্মাণৰ ঘোষণাৰ পিছৰটো নিৰ্বাচনতে বিজয় বহুগুণাৰ কংগ্ৰেছ পৰাজিত হ’ল৷ তাৰ পিছৰে পৰা উত্তৰাখণ্ড কংগ্ৰেছ জিকিবই নোৱাৰিলে৷ শেষত বিজয় বহুগুণায়ো বিজেপিত যোগ দিলে৷
দ্বিতীয় ৰাজধানী পাতি একেই দশা হৈছিল হিমাচলৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰো৷ তেওঁ হিমাচলৰ ৬৮ জনীয়া বিধানসভাত কাংৰা জিলাৰ ১৫ খন আসনক লক্ষ্য কৰি ২০১৭ চনত ধৰমশালাক দ্বিতীয় ৰাজধানী ঘোষণা কৰিছিল৷ কিন্তু তাৰ পিছৰটো নিৰ্বাচনতে কংগ্ৰেছ হাৰি থাকিল৷
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছেও ২০১৮ চনত নাগপুৰত দ্বিতীয় ৰাজধানী পাতিছিল৷ কিন্তু তাৰ পিছত ৫ বছৰ তেওঁ মুখ্যমন্ত্ৰীৰ পৰা উপ-মুখ্যমন্ত্ৰী হৈ থাকিবলগীয়া হৈছিল৷
বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়েও একেটা ভুলকে কৰি আছে৷ দেশৰ ৰাজনীতিত কুলক্ষণীয়া দ্বিতীয় ৰাজধানৰ বাবে তেওঁ ২০০ কোটি টকা ধাৰ্য কৰিছে৷ কিন্তু মনত ৰখা ভাল- দ্বিতীয় ৰাজধানী পতা কোনো এজন মুখ্যমন্ত্ৰীয়েই পৰৱৰ্তী নিৰ্বাচন জিকিব পৰা নাই৷
দ্বিতীয় ৰাজধানী পাতিলেই ক্ষমতা হেৰুৱায় মুখ্যমন্ত্ৰীয়ে
