মিঞা সোমালেই খেদি দিয়াৰ হুংকাৰ
অৰুণাচলত চলিছে মিঞা খেদা আভিযান৷ হাৰমতীৰ পৰা ৰে’লত যোৱা মুছলমানক খেদিছে ছাত্ৰ সংগঠনে৷ দিন হাজিৰা কৰিবলৈ মিঞা মজদুৰক অৰুণাচললৈ ঠিকাদাৰে নিছে৷ সেইসকলক ষ্টেশ্যনতে ধৰি ওভতাই পঠিয়াই দিয়া হৈছে৷ কোনো মিঞাকে অৰুণাচলত সোমাবলৈ দিয়া নাই ছাত্ৰ সংগঠনে৷
অৰুণাচলী ছাত্ৰ সংগঠনে মিঞাৰ বিৰুদ্ধে এসপ্তাহৰে পৰা জংগী অভিযান চলাই আছে৷ তেওঁলোকে দাবী কৰিছে- অসমৰ পৰা গৈ মিঞাই অৰুণাচলত বস্তি পাতিবলৈ চেষ্টা চলাইছে৷ সেয়ে ছাত্ৰ সংগঠনে ৰে’ল ষ্টেশ্যনত পহৰা দিছে৷
ইনাৰ লাইন পাৰ্মিট অবিহনে অৰুণাচলত সোমোৱা মিঞাৰ নথি ছাত্ৰ সংগঠনে ষ্টেশ্যনত পৰীক্ষা কৰিছে৷ তেওঁলোক ভাৰতীয় নাগৰিক হ’লেও অৰুণাচলত থাকিবলৈ নাপায় বুলি ঘোষণা কৰি দিছে সংগঠনৰ কৰ্মীয়ে৷ গতিকে উভতি আহিছে মিঞা৷
শেহতীয়াকৈ আকৌ এদল মুছলমানে পথেৰেই অৰুণাচলত প্ৰৱেশ কৰিছিল৷ তেওঁলোকৰ নাছিল পাৰ্মিট৷ গতিকে প্ৰৱেশৰ পিছতে মিঞা শ্ৰমিক অৰুণাচলী ছাত্ৰ সংগঠনৰ তালাচীৰ সন্মুখীন হ’ল৷ অৱশ্যে মাৰপিট নকৰাকৈ তেওঁলোকক ওভতাই পঠিয়াই দিয়া হ’ল৷
ছাত্ৰ সংগঠনটোৱে প্ৰকাশ কৰিছে যে অসমৰ সংখ্যালঘু সংগঠনে মিঞা মজদুৰক অৰুণাচললৈ প্ৰেৰণ কৰিছে৷ বৰ্তমান কামৰ সংক্ৰান্তত এচাম ঠিকাদাৰে সংখ্যালঘু সংগঠনৰ নেতাৰ জৰিয়তে গোটাইছে শ্ৰমিক৷ কিন্তু কাম কৰিবলৈয়ো মিঞাক অৰুণাচলত থকাৰ সুযোগ নিদিয়ে জাতীয় সংগঠনে৷
তেওঁলোকক ঠায়ে ঠায়ে মাৰপিটো কৰা হৈছে৷ অসমৰ পৰা যোৱা সকলো লোকৰে ধৰ্ম সুধি চৰকাৰী পৰিচয়-পত্ৰ পৰীক্ষা কৰা হৈছে৷ মিঞা নিষিদ্ধ কৰি আন্দোলন আৰম্ভ কৰিছে অৰুণাচলী সংগঠনে৷ গতিকে মিঞা শ্ৰমিক সোমালেই উত্তপ্ত হৈ পৰিব ৰাজ্যখন৷
মিঞা মজদুৰক খেদি দিলে অৰুণাচলী সংগঠনেমুছলমান গ’ বেক
