বন্ধুৰ সৈতে কথা পাতিছে মুখ্য নিৰ্বাচক অজিত আগৰকাৰে

টেষ্ট অভিষেকো ঘটিব পাৰে ৰিয়ান পৰাগৰ৷ ইংলেণ্ডৰ বিৰুদ্ধে সমাগত টেষ্ট শৃংখলাত অসমৰ যুৱ তাৰকাজনে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে৷ দেশৰ হৈ টি-২০ খেলা ৰিয়ানৰ নাম অৱশ্যে প্ৰথমে টেষ্ট শৃংখলাৰ বাবে নিৰ্বাচকে বিবেচনা কৰা নাছিল৷ কিন্তু প্ৰশিক্ষক গৌতম গম্ভীৰে বৰ্তমান বিচাৰিছে যুৱ দল৷ সেয়ে মুখ্য নিৰ্বাচক অজিত আগৰকাৰে নৱাগত খেলুৱৈক গুৰুত্ব দিছে৷
ইংলেণ্ডমুখী টেষ্ট দলৰ অধিনায়ক হ’ব শুভমন গিল৷ ফিটনেছজনিত কাৰণত যশপ্ৰীত বুমৰাই নেতৃত্ব লাভ নকৰে৷ সেয়ে গম্ভীৰে শুভমন গিলকে অধিনায়কৰ দায়িত্ব দিয়াটো নিশ্চিত৷ কিন্তু আনসকল খেলুৱৈৰ বিষয়ে এইপৰ্যন্ত স্থিৰ সিদ্ধান্ত লোৱা নাই নিৰ্বাচকে৷
যিহেতু প্ৰশিক্ষকে যুৱ দল কামনা কৰিছে সেয়ে আগতীয়াকৈ অৱসৰ গ্ৰহণ কৰিছে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই৷ তেওঁলোকৰ প্ৰস্থানৰ পিছত দলত ৩০ ঊৰ্ধ্বৰ খেলুৱৈ হিচাপে থাকিব একমাত্ৰ কে এল ৰাহুল৷ বাকীসকল নৱাগতই ইংলেণ্ডৰ বিৰুদ্ধে খেলিব৷
কিন্তু দলত বৰ্তমান ৰবীন্দ্ৰ জাদেজাৰ বাদে এজনো অলৰাউণ্ডাৰ নাই৷ সেয়ে ৰিয়ান পৰাগৰ নাম চৰ্চাত উঠিছে৷ আই পি এলত ৰিয়ানৰ বেটিং ইতিমধ্যে পৰ্যৱেক্ষণ কৰিছে মুখ্য নিৰ্বাচক অজিত আগৰকাৰে৷ প্ৰয়োজনৰ সময়ত যে তেওঁ ধৈৰ্যসহকাৰে বেটিং কৰিব পাৰে সেই কথাটো আগৰকাৰে মন কৰিছে৷ ছঈদ মুস্তাক আলি আৰু ৰঞ্জি ট্ৰফীত ৰিয়ানৰ সফলতা তেওঁ লক্ষ্য কৰিছে৷
গতিকে ৰিয়ান পৰাগ হৈ পৰিছে টেষ্ট দলৰ আণ্ডাৰ ডগ৷ তেওঁৰ বলিঙৰ ক্ষমতাকো লক্ষ্য কৰিছে নিৰ্বাচকে৷ প্ৰয়োজনৰ সময়ত ৰিয়ানৰ বল ইংলেণ্ডৰ বাউন্সী উইকেটত কাৰ্যকৰী হ’ব বুলি ধাৰণা কৰা হৈছে৷ গতিকে তেওঁৰ প্ৰতি চকু পৰিছে গৌতম গম্ভীৰ আৰু অজিত আগৰকাৰৰ৷
তদুপৰি গম্ভীৰ আৰু আগৰকাৰ হৈছে ৰিয়ানৰ পিতৃ পৰাগ দাসৰ পুৰণি বন্ধু৷ তেওঁলোকে একেলগে এসময়ত ঘৰুৱা ক্ৰিকেট খেলিছিল৷ সেয়ে ৰিয়ানৰ দলত অন্তৰ্ভুক্তিৰ বিষয়ে চলিছে আলোচনা৷ ভাগ্য সুপ্ৰসন্ন হ’লে ৰিয়ানে ইংলেণ্ডত কৰিব টেষ্ট অভিষেক৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial