নিৰ্লজ্ব অসমীয়াৰ কাণ্ড চাওক
জেঠ সোমোৱাৰ পিছতো বিহুৰ নামত ভিক্ষা খুজি পৰিছে অসমীয়াই৷ মাৰোৱাৰী গোলাৰ ভিতৰত সোমাই তেওঁলোকে বিহুৰ নামত ধন বিচাৰিছে৷ অসমীয়াক ভিক্ষাৰী সাজি ধনৰ বাবে এচাম লোকে বিহু মাৰিছে৷ কেবাখনো চহৰত দৃশ্যমান হৈছে ঢুলীয়া আৰু নাচনীৰূপী ভিক্ষাৰীৰ দল৷
আমি শেহতীয়াকৈ উজনি অসমৰ কেবাখনো চহৰত দেখিছোঁ এই দৃশ্য৷ ঢোল বৰচাঙত উঠোৱাৰ সময় হোৱাৰ পিছতো মুগাৰ পোছাক পিন্ধি এচাম লোকে মাৰোৱাৰী গোলাত বিহু মাৰিছে৷ অনা-অসমীয়া বেপাৰীয়ে বেছিকৈ চান্দা দিয়াৰ লোভত তেওঁলোকে কলংকিত কৰিছে হুঁচৰিক৷
কেৱল ধন ঘটিবলৈয়েই অসমীয়াই জেঠৰ বাৰখৰলৈ বিহু মাৰে বুলি ৰাইজক জনাই এদল লোক দোকানে দোকানে সোমাই ফুৰিছে৷ তেওঁলোকৰ প্ৰধান লক্ষ্য হৈছে অনা-অসমীয়াৰ বাণিজ্যিক প্ৰতিষ্ঠান৷ মাৰোৱাৰী বা বিহাৰী মালিকৰ দোকানত সোমাই নাচনীয়ে অদ্ভুত ভংগীৰে নৃত্য কৰিছে৷ তাতে ফটা ঢোলৰ চেও শুনাইছে বজৰুৱা ঢুলীয়াই৷
অসমৰ জাতীয় সংস্কৃতিক চৰম অপমান কৰি তেওঁলোকে দোকানীৰ পৰা দাবী কৰিছে পইচা৷ কমকৈ চান্দা দিয়া দোকানীক তাতে অপমান কৰিছে অসমৰ বিহুৱতীৰ ভাও জোৰা নাচনীয়ে৷ জোৰ-জবৰদস্তি বিহু দলটোৱে দোকানীৰ পৰা আদায় কৰিছে অধিক ধন৷
অপমানিত হোৱাৰ ভয়ত তেওঁলোকক অধিক ধন দিবলৈ বাধ্য হৈছে মাৰোৱাৰী অথবা বিহাৰী বেপাৰী৷ ফলত ঢোলৰ মাত শুনিলেই ভয় খোৱা হৈছে অনা-অসমীয়া বেপাৰীয়ে৷ জেঠৰ গৰমত বিহু মাৰি ফুৰা বিহুৱাক ভিক্ষাৰী বুলি ঠাট্টা কৰিছে বহিৰাগত বণিয়াই৷
বিহুৰ নামত তুলি ফুৰিছে ধন
