পইচাই সকলো নহয়, গাভৰু যাত্ৰীৰ সান্নিধ্যও প্ৰয়োজনীয়৷ কিন্তু নাই প্ৰেমিকা৷ সেয়ে মটৰ চাইকেলৰ পিছ ছিটত অচিনাকী গাভৰুক বহুৱায়েই পূৰণ কৰে মনোকামনা৷ সুন্দৰীৰ বক্ষৰ সুকোমল হেঁচাত পিষ্ট হয় যুৱকৰ পিঠি৷ তৃপ্ত কৰে অতৃপ্ত যৌৱন৷
হয়, গুৱাহাটীত ৰেপিড’ৰ ভাৰা মাৰি ফুৰা বহুতেই ধনৰ বাবে কাম নকৰে৷ তেওঁলোকে সকলো যাত্ৰীৰে ৰিকুৱেষ্টো স্বীকাৰ নকৰে৷ ৰেপিড’ৰ এপত যুৱতী গ্ৰাহিকাৰ নাম দেখিলেহে ভাৰা এচেপ্ট কৰে চালকে৷ অৱশ্যে গ্ৰাহকৰ সান্নিধ্য বিচাৰি ফুৰাসকলৰ বেছিভাগেই গুৱাহাটীৰ যুৱক৷ আন ঠাইৰ পৰা গৈ গুৱাহাটীত থকাসকলে ধন ঘটিবলৈয়েই ৰেপিড’ চলায়৷
এই কথাটো ৰেপিড’ চালকেই স্বীকাৰ কৰিছে৷ কেবাজনো চালকৰ মতে এপত যুৱতীৰ নাম দেখিলেহে তেওঁলোকে ৰাইড এচেপ্ট কৰে৷ পুৰুষ যাত্ৰীৰ ভাৰা কেতিয়াও নামাৰে তেওঁলোকে৷ কিন্তু কেতিয়াবা হতাশো হ’বলগীয়া হ’ব সুন্দৰীৰ সান্নিধ্য বিচাৰি ফুৰা ৰেপিড’ চালক৷ কাৰণ নামে আকৰ্ষণ কৰি নিয়া যুৱতীৰ সলনি তেওঁলোকে মটৰ চাইকেলৰ পিছত বহুৱাবলগীয়া হয় বৃদ্ধ মহিলা৷
ব্ৰেকিঙৰ সময়ত গাভৰুৰ লৱণু কোমল বক্ষৰ স্পৰ্শৰ কামনাৰে তেওঁলোকে বিচাৰি ফুৰে গ্ৰাহিকা৷ ৰেপিড’ সেইসকলৰ বাবে অজুহাত মাত্ৰ৷ গাৰ্লফ্ৰে’ণ্ড নথকা বাইকাৰ্ছে দুচকীয়াৰ পিছদিশে সুন্দৰীক বহুওৱাৰ সুযোগ বিচাৰি ভাৰা মাৰিছে৷
তেওঁলোকে ভাৰাৰ বাবেও সুন্দৰীক নিদিয়ে ডিমাণ্ড৷ সততে গুৱাহাটীৰ ৰেপিড’ চালকে মিলাই দিয়াৰ দাবীৰে যাত্ৰীক অতিষ্ঠ কৰে৷ ৭০ টকা ভাৰা দেখুৱালে তেওঁলোকে বিচাৰে ১০০ টকা৷ কমেও ৫০ টকা বঢ়াই নিদিলে ৰেপিড’ মটৰ চাইকেল নচলায় চালকে৷
কিন্তু সুন্দৰী গ্ৰাহিকাৰ বাবে এচাম ৰাইডাৰ উদাৰ৷ তেওঁলোকে বিচাৰে মাত্ৰ ক্ষন্তেকীয়া সান্নিধ্য৷ গাৰ্লফ্ৰে’ণ্ড নথকা ডেকাই গ্ৰাহিকাকে পিছত বহুৱাই পকাই দিয়ে এক্সেলেটৰ৷ ঘনাই মাৰে ব্ৰেক৷
সুন্দৰীৰ বাবে উদাৰ এইসকল যুৱক
