গাঁৱৰ ৰোগীয়েও কৰিব লাগে অনলাইন পে’মেণ্ট৷ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ বাবে তেওঁলোকে অনলাইনত পইচা দিব লাগে৷ কিন্তু বেছিভাগ ৰোগীয়েই অনলাইন পে’মেণ্ট কৰিব নাজানে৷ সেয়ে উজনিৰ বৃদ্ধ ৰোগী চিকিৎসাৰ পৰা বঞ্চিত হৈছে৷
এটা অদ্ভুত ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে ডিব্ৰুগড়ৰ AMCHত৷ মেডিকেল কলেজত চিকিৎসা গ্ৰহণৰ বাবে সদায় সমৱেত হয় হাজাৰোধিক লোক৷ যিসকলৰ বেছিভাগেই উজনিৰ গ্ৰামাঞ্চলৰ৷ লখিমপুৰ, ধেমাজিৰ উপৰি তিনিচুকীয়া, ডিব্ৰুগড় আদিৰ জনতাই মেডিকেল কলেজতে পৰাপক্ষত চিকিৎসা লয়৷
কিন্তু AMCHত ১০ টকীয়া টিকটৰ বাবে নগদ পইচাৰ লেনদেন বন্ধ কৰাৰ নিয়ম কৰিছে কৰ্তৃপক্ষই৷ নতুন নিয়ম মতে এতিয়াৰ পৰা AMCHত কেৱল UPI লেনদেনহে চলিব৷ কিন্তু AMCHলৈ চিকিৎসাৰ বাবে যোৱা গ্ৰামাঞ্চলৰ ৰোগীয়ে UPIৰ ব্যৱহাৰ নাজানে৷ সেয়ে তেওঁলোকৰ হৈ হাৰাশাস্তি৷
প্ৰথমে এই নিয়মৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিছিল ৰোগীয়ে৷ কিন্তু কৰ্তৃপক্ষই মানি নল’লে ৰোগীৰ প্ৰতিবাদ৷ গতিকে UPI লেনদেনৰ নিয়ম বাহাল থাকিল৷
প্ৰচলিত নিয়ম অনুসৰি মেডিকেল কলেজত চিকিৎসা গ্ৰহণৰ অৰ্থে সকলো ৰোগীয়ে প্ৰথমে ১০ টকীয়া টিকট কটা বাধ্যতামূলক৷ পূৰ্বে নগদ ধনেৰে এই লেনদেন ৰোগীসকলে কৰি আহিছিল৷ কিন্তু আগতীয়া জাননী অবিহনে কৰ্তৃপক্ষই নগদ ধনৰ লেনদেন বন্ধ কৰি দিলে৷
তিনিচুকীয়াৰ এজন ৰোগীয়ে আমাক জনোৱা মতে তেওঁ ১০ টকাৰ কাৰণে গ্ৰহণ কৰিব নোৱাৰিলে চিকিৎসা৷ হৃদৰোগত আক্ৰান্ত বৃদ্ধ সেয়ে ঘৰলৈ উভতিবলগীয়া হ’ল৷ তেওঁলোকৰ অসুবিধাক কিন্তু গুৰুত্বই দিয়া নাই কৰ্তৃপক্ষই৷
চিকিৎসা নকৰাকৈ উভতি গৈছে বৃদ্ধ ৰোগী
