গান্ধীবাদী প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক কৈ দিছিল RAWৰ গুপ্তচৰৰ অভিযানৰ কথা

এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়েই পাকিস্তানক দিছিল পৰমাণু অস্ত্ৰ৷
যি পাৰমাণৱিক বোমাৰ ভয় দেখুৱাই পাকিস্তানে যুদ্ধবিৰতি হাছিল কৰিছে, সেই ক্ষেপণাস্ত্ৰ দেশখনক দিছিল মোৰাৰজী দেশায়ে৷
পাকিস্তানৰ বাবে কেতিয়াও পৰমাণু অস্ত্ৰ নিৰ্মাণেই সম্ভৱ নাছিল৷ কিন্তু মোৰাৰজীয়ে দেশক গড্ডাৰী কৰি পাকিস্তানক দিলে মাৰাত্মক অস্ত্ৰ৷
আমেৰিকান CIAৰ এজেণ্ট বুলিও ইতিহাসে সন্দেহ কৰা গান্ধীবাদী মোৰাৰজীৰ শাসনকালত পাকিস্তানে পৰমাণু বোমা তৈয়াৰৰ গৱেষণা চলাইছিল৷ জুলফিকৰ আলী ভূট্টোৰ অভিলাষী পাকিস্তানী পাৰমাণৱিক অস্ত্ৰ গৱেষণা কেন্দ্ৰৰ সপোনটো তেওঁৰ উত্তৰসূৰী জিয়াউল হকেও পূৰ্ণ উদ্যমেৰে চলাই আছিল।
পৰিকল্পনা অতি সংগোপনে আগবাঢ়িলেও RAWয়ে ইয়াৰ সৱিশেষ উদঘাটন কৰিবলৈ সক্ষম হয়৷ ভিক্ষাৰীৰ ছদ্মবেশ ধৰি ভাৰতীয় চোৰাংচোৱাই ইছলামাবাদৰ সমীপৰ কহুটাৰ এই কেন্দ্ৰটোত প্ৰৱেশ কৰে৷ তেওঁলোকে বিজ্ঞানীসকলৰ সৰা চুলিত ৰেডিয়েছন ধৰা পেলাই এই তথ্য উদ্ধাৰ কৰিলে৷
RAWয়ে কেবাজনো পাকিস্তানী বিজ্ঞানীক কিনি পেলালে৷ কিন্তু তেতিয়া দৰকাৰ হ’ল ধন৷ পিছে RAWৰ তদানীন্তন মুৰব্বী আৰ এন কাৱে ধন বিচাৰি যাওতে মোৰাৰজীয়ে খেদি পঠিয়ালে৷ টকা দিয়াটো দূৰৰ কথা, মোৰাৰজী দেশায়ে ওলোটাই RAWৰ বাবে আবণ্টিত পুঁজিৰ ৩০ শতাংশ কৰ্তনহে কৰিলে।
তথাপি RAW হতাশ নহ’ল। নিজৰ চৰকাৰৰ পৰা সমৰ্থন নাপায় তেওঁলোকে এইবাৰ গোপনে ইজৰাইলৰ মোছাদক সাক্ষাৎ কৰিলে৷ ইছলামিক দেশ পাকিস্তান কেনেবাকৈ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ’লে ইজৰাইলৰো যে বিপদ সেয়া মোছাদে ভালদৰেই বুজি উঠিছিল৷
মোছাদে RAWৰ সহায়ত কহুটাত পাকিস্তানে স্থাপন কৰা পাৰমাণৱিক গৱেষণা কেন্দ্ৰটো ধ্বংস কৰিবলৈ সাজু হ’ল। সিদ্ধান্ত হ’ল
বিমান আক্ৰমণ কৰি পাকিস্তানী পাৰমাণৱিক কেন্দ্ৰটোকে বোমাৰে উৰুৱাই দিব। কিন্তু তাৰ বাবে কেবাখনো আৰবীয় দেশৰ মাজেৰে উৰি আহিব লাগিব, যিটো অসম্ভৱ।
সেয়ে তেওঁলোকে দীঘলীয়া পথেৰেই পাকিস্তানত উপস্থিত হোৱাৰ পৰিকল্পনা কৰা হ’ল। তাৰ পৰা ভাৰতত প্ৰৱেশ কৰিব, লগে লগে গুজৰাটত ইজৰাইলী বিমানে ৰিফুৱেলিং কৰি পাকিস্তানী পাৰমাণৱিক কেন্দ্ৰত বোমা পেলাই পুনৰ ভাৰতৰ আকাশেৰে উৰি যাব।
এইবাৰো সেইজন মোৰাৰজী দেশাই সন্মত নহ’ল ।
তেওঁ আন দেশৰ কামত অযথা হস্তক্ষেপ কৰিব নালাগে বুলি RAWৰ বিষয়াসকলক তিৰস্কাৰ কৰিলে৷ খঙতে RAWৰ অধ্যক্ষ আৰ এন কাৱে পদত্যাগ কৰিবলৈ বাধ্য হ’ল ।
কথাবোৰ কিন্তু ইমানতে শেষ নহ’ল৷
কিছুদিনৰ পিছত মোৰাৰজী দেশায়ে পাকিস্তানৰ তদানীন্তন ৰাষ্ট্ৰপতি জিয়াউল হকলৈ ফোন লগালে। ফোনতে ৰং ৰহইছ কৰি মোৰাৰজী দেশায়ে হকক ক’লে-
তোমালোকে পাকিস্তানত যে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ গোপনে গৱেষণা কেন্দ্ৰ স্থাপন কৰিছা সেয়াও মই গম পাওঁ।
জিয়াউল হকে কৌশলেৰে RAWৰ অভিযানৰ বিষয়ে দেশাইৰ পৰা উলিয়াই ল’লে৷ পিছদিনাৰ পৰা পাকিস্তানত গোপনে কৰ্মৰত ভাৰতীয় স্পাইক বিচাৰি বিচাৰি শূলত দিলে পাকিস্তানী ISIয়ে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial