অলপো ক্ষীণোৱা নাই বিশাল ফুকন৷ জে’লৰ পৰা মুকলি হোৱা বিশালৰ স্বাস্থ্য সলনি হোৱা নাই৷ প্ৰায় এবছৰে জে’লত থকাৰ পিছতো বিশাল শকতো হোৱা নাই৷ হেয়াৰ ষ্টাইলো সলনি হোৱা নাই বিশাল ফুকনৰ৷ বায়েক চুমিয়ে তিৰস্কাৰ কৰিলেও বিশাল ভালেই আছে৷
জামিন লাভ কৰা বিশালক গুৱাহাটীৰ বতাহে মনা নাছিল৷ সেয়ে জে’লৰ পৰা ওলায়েই পোনছাটেই গৃহনগৰী ডিব্ৰুগড়ত উপস্থিত হৈছিল বিশাল ফুকন৷ ট্ৰেডিং জালিয়াতিৰে ২২০০ কোটি টকা ঘটা বিশালে উৰাজাহাজত উৰি আহি অলপতে ডিব্ৰুগড়ত নামিলহি৷
তেতিয়াৰ পৰা নিজৰ ফ্লেটতে সোমাই আছে বিশাল ফুকন৷ CBIৰ তদন্তৰ বাবে ভৱিষ্যতে তেওঁ আকৌ জেৰাৰ সন্মুখীন হ’ব৷ কিন্তু ফ্লেটত একান্ত ব্যক্তিগত সময় পাৰ কৰিছে বিশালে৷ বায়েক চুমিলৈ মনত পৰিছে বিশালৰ৷
ঘনিষ্ঠ মহলৰ মতে আজৰি পৰত পাতি লোৱা বায়েক চুমি বৰাৰ কথাই কৈ আছে বিশাল ফুকনে৷ বায়েকক ডুবাইত ফুৰাবলৈ নি পাৰ কৰা অন্তৰংগ মুহূৰ্তৰ কথা বিশালৰ মনত পৰিছে৷ বায়েকৰ বাবে ক্ৰয় কৰা সোণৰ নেকলেছ আৰু দামী ব্ৰেণ্ডৰ কাপোৰৰ কথাও বন্ধুৰ ওচৰত বিশালে ব্যক্ত কৰিছে৷
কিন্তু ইমানখিনি কৰি দিয়াৰ পিছতো জে’লত পাতি লোৱা বায়েকে দুৰ্ব্যৱহাৰ কৰা বুলি দুখ কৰিছে বিশালে৷ তেওঁ স্বগতোক্তি কৰিছে
চুমি বায়ে মোক নিজৰ বুলি নাভাবিলে
পাতি লোৱা বায়েক সহোদৰ ভগ্নীৰ সমান হ’ব নোৱাৰে বুলি দুখ কৰিছে বিশাল ফুকনে৷ তেওঁ কিন্তু মৰমৰ বাবে খৰচ কৰা টকাৰ বাবে দুখ কৰা নাই৷ তথাপি বায়েকে মৰম নকৰা হোৱাৰ বাবে দুঃখিত হৈ পৰিছে বিশাল ফুকন৷
জে’লৰ পৰা ওলাই ক’ত আছে বিশাল ফুকন
