ঘৰ এৰি নাযাব, অন্যথা মনে মনে লগাই দিব স্মাৰ্ট মিটাৰ৷ আদানি মিটাৰৰ টোপোলা বান্ধি গাঁৱে-ভূঞে ঘূৰি ফুৰিছে APDCLৰ কৰ্মচাৰী৷ তেওঁলোকক গোপনে ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাবলৈ বিভাগে নিৰ্দেশ দিছে৷ স্মাৰ্ট মিটাৰ লগোৱাত বাধাৰ ভয়ত গোপনে কাৰ্যসিদ্ধি কৰিবলৈ কৰ্তৃপক্ষই দায়িত্ব দিছে ঠিকাভিত্তিক কৰ্মচাৰীক৷ তেওঁলোকেও মনে মনে কৰিছে অপাৰেশ্যন স্মাৰ্ট মিটাৰ৷
শীতকালি তাপ মাৰি থকা এই ইছ্যু আকৌ বৰ্তমান উত্থাপন হৈছে৷ গ্ৰীষ্ম বিদ্যুতৰ প্ৰয়োজন বেছি হোৱাৰ পৰিণতিত গ্ৰাহকক কেকোঁৰাচেঁপা দিবলৈ প্ৰস্তুতি চলাইছে APDCLয়ে৷ তেওঁলোকে সেয়ে সকলোৰে ঘৰতে স্মাৰ্ট মিটাৰ বহুৱাবলৈ চেষ্টা কৰিছে৷
চৰকাৰে বিগত বৰ্ষতে অসমৰ প্ৰায় ৩০ শতাংশ বিদ্যুৎ উপভোক্তাৰ ঘৰত স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছিল৷ তেওঁলোকৰ ভিতৰত ৯০ শতাংশয়েই অধিক ধন ভৰা বুলি প্ৰকাশ কৰিছে৷ গৰিষ্ঠভাগ উপভোক্তাই স্মাৰ্ট মিটাৰত গণ্ডগোল আছে বুলি অভিযোগ কৰিছে৷
সেয়ে এইবাৰ স্মাৰ্ট মিটাৰ বিৰোধী আন্দোলন কৰিছে জনতাই৷ তাৰ মাজতে APDCLয়ে ঠিকাভিত্তিক কৰ্মচাৰীক দিছে গোপনে মিটাৰ লগোৱাৰ দায়িত্ব৷ মটৰ চাইকেলত স্মাৰ্ট মিটাৰৰ টোপোলা বান্ধি গাঁৱৰ ৰাস্তাত তহল দি ফুৰা APDCLৰ কৰ্মচাৰীক বন্দী কৰিছে নগাঁৱৰ জনতাই৷ তেওঁলোকে বিভাগীয়ভাৱে এই দায়িত্ব দিয়া বুলি স্বীকাৰ কৰিছে৷
কিন্তু প্ৰশ্ন হয়, কিয় চৰকাৰে গোপনে স্মাৰ্ট মিটাৰ সংস্থাপনৰ বাবে চেষ্টা চলাইছে? যদি এইবিধ সৰঞ্জাম বাধ্যতামূলক কৰা হৈছে তেন্তে কিয় কৰ্মচাৰীয়ে চোৰৰ দৰে সোমাই মেনুৱেল মিটাৰ খুলিবলগীয়া হৈছে?
এই প্ৰশ্নৰ উত্তৰ APDCL আৰ চৰকাৰে দিয়া নাই৷ তাৰ মাজতে চোৰৰ দৰে ঘৰত সোমাই মেনুৱেল মিটাৰ খুলি লৈ গৈছে কৰ্মচাৰীয়ে৷ ঘৰত পুৰুষ নথকা সময়ত চলিছে APDCLৰ অভিযান৷
চোৰৰ দৰে সোমাই মিটাৰ লগাইছে কোনে?
