ছাইৰেন বহুৱাবলৈয়ো পাকিস্তানৰ নাই ধন

অট’মেটিক ছাইৰেন লগাবলৈয়ো পইচা নাই৷ ধনৰ অভাৱত মাইকত ছাইৰেনৰ দৰে শব্দ কৰিবলগীয়া হৈছে সাধাৰণ পাকিস্তানীয়ে৷ তাৰ পিছতো দম্ভালি কমা নাই পাকিস্তানী সেনাৰ৷ দেশখনৰ ইমানেই অর্থসংকট হৈছে যে সামৰিক বানীয়ে ৰাজহুৱা স্থানত স্বয়ংক্ৰিয় ছাইৰেনৰ ব্যৱস্থা কৰি দিব পৰা নাই৷ তাৰ মাজতো আকৌ সেনাই দিছে ভাৰতৰ দৰে শক্তিশালী দেশৰ বিৰুদ্ধে যুদ্ধৰ হুমকি৷
যুদ্ধৰ কুচকাৱাজ আৰম্ভ হোৱা সময়তে সেনাই প্ৰতিখন চহৰত ছাইৰেন সংস্থাপনৰ ঘোষণা কৰিছিল৷ কিন্তু সৰু নগৰত ছাইৰেন বহুৱাবলৈ সামৰিক বাহিনীৰ নাছিল পুঁজি৷ সেয়ে সেই স্থানৰ জনতাকে ছাইৰেনৰ দৰে শব্দ কৰিবলৈ দিয়া হ’ল প্ৰশিক্ষণ৷ তেওঁলোকক মছজিদৰ মাইকতে ছাইৰেনৰ দৰে শব্দ কৰিবলৈ শিকালে সেনাই৷ গতিকে সেই দায়িত্ব পালন কৰিবলগীয়া হৈছে নিৰীহ জনতাই৷
আক্ৰমণৰ উমান পালেই তেওঁলোকে মছজিদৰ মাইকত ছাইৰেনৰ দৰে শব্দ কৰিছে৷ জনতাক সতৰ্ক কৰি দিবলৈ মুখেৰে উলিয়াইছে ছাইৰেনৰ দৰে বিপদকালীন সংকেত৷ নিজে মছজিদত আবদ্ধ হৈ থাকিলেও নগৰবাসীক মাইকৰ জৰিয়তে তেওঁ সতৰ্ক কৰি দিছে৷
ধনৰ অভাৱতে দেশখনৰ চৰকাৰে সৰ্বত্ৰ ছাইৰেন সংস্থাপন কৰিব পৰা নাই বুলি স্বীকাৰ কৰিছে৷ পাকিস্তানী সংবাদপত্ৰতো প্ৰকাশ পাইছে এই খবৰ৷ অৰ্থনৈতিক সংকটত জুৰুলা দেশখনৰ সেনাই তথাপি সাধাৰণ জনতাক যুদ্ধৰ বাবে উচটাই আছে৷ পৰিণতিত পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ চেষ্টা কৰি অসামৰিক নাগৰিকে ভাৰতৰ সীমাত জীৱ উছৰ্গা কৰিবলগীয়া হৈছে৷
ভাৰতৰ সৈতে যুদ্ধৰ কুচকাৱাজৰ সময়ত আকৌ আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰানিধিয়েও পাকিস্তানক ধাৰ দিবলৈ অস্বীকাৰ কৰিছে৷ পূৰ্বে পৰিশোধ কৰিবলৈ থকা ঋণৰ বাবে এইবাৰ পুঁজি যোগান ধৰা নহয় বুলি প্ৰায় নিশ্চিত কৰিছে আই এম এফে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial