ইতিহাস সাক্ষী আছে
গুজৰাটীয়েই পূৰ্বে দেশ বিভাজিত কৰিছিল
এতিয়া গুজৰাটীৰ আমোলতে একত্ৰিত হ’ব নেকি দেশ
৭৮ বছৰ পূৰ্বে গুজৰাটীয়ে বিভাজন কৰিছিল দেশ৷ বৰ্তমান গুজৰাটক প্ৰতিনিধিত্ব কৰা আন এজন প্ৰধানমন্ত্ৰীৰ শাসনকালত পাকিস্তান আকৌ নিশ্চিহ্ন হোৱাটো হৈ পৰিছে অনিবাৰ্য৷
মহাত্মা গান্ধীৰ নেতৃত্বত সফল স্বাধীনতা সংগ্ৰামৰ পিছত দ্বিজাতি তত্ত্বৰে ভাৰতবৰ্ষৰ অংগক্ষত কৰা মহম্মদ আলি জিন্নাও গুজৰাটীয়েই আছিল৷ পাকিস্তানৰ কায়েদ-ই-আজম বুলি স্বীকৃত জিন্নাৰ পূৰ্বপুৰুষ আছিল হিন্দু৷ তেওঁলোক গুজৰাটী লোহানা ৰাজপুত বংশৰ আছিল৷
জিন্নাৰ শিশুকালতে তেওঁৰ পিতৃ-মাতৃয়ে ত্যাগ কৰিছিল হিন্দু ধৰ্ম৷ অজ্ঞাত কাৰণত তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল৷ জিন্নাৰ দেউতাকৰ নাম আছিল জিন্নাভাই পুঞ্জা৷ পূৰ্বে জিন্নাৰ মাতৃৰ উপাধি আছিল থক্কৰ৷
তেওঁলোকৰ পৰিয়ালটো আছিল গুজৰাটৰ আগশাৰীৰ মাছ বেপাৰী৷ গুজৰাটৰ মাছৰ বেপাৰত জিন্নাৰ পৰিয়ালৰ দৃঢ় খোপনি আছিল৷
কিন্তু বেৰিষ্টাৰ জিন্নাৰ ধৰ্মীয় গোড়ামী নাছিল৷ ইংলেণ্ডত শিক্ষাগ্ৰহণ কৰা জিন্নাই ব্ৰেকফাষ্টত খাইছিল মদ আৰু গাহৰি মাংস৷ কিন্তু পিছলৈ তেৱেঁই হৈ পৰিল পাকিস্তানৰ জন্মদাতা৷ ধৰ্মৰ ভিত্তিত পৃথক দেশ গঠন কৰিবলৈ জিন্নাই ব্ৰিটিছ চৰকাৰক বাধ্য কৰিলে৷
এতিয়া সেই জিন্নাৰ পাকিস্তানেই ভাৰতক প্ৰত্যাহ্বান জনাইছে৷ কিন্তু জিন্নাৰ সপোন পূৰণৰ সলনি ধৰ্মৰ নামতে বিধ্বস্ত হৈ গৈছে পাকিস্তান৷
পাকিস্তানৰ জন্মদাতা জিন্নাৰ দেউতাকো আছিল ধাৰ্মিক হিন্দু
