চাকৰি পোৱা তিনিবছৰ হ’ল৷ কিন্তু এতিয়াও নহ’ল পে’ প্ৰটেকশ্যন৷ কলেজৰ অধ্যক্ষ হিচাপে ৫ বছৰৰ বাবে নিযুক্তিপ্ৰাপ্ত অধ্যাপকসকলে বৰ্তমানপৰ্যন্ত সম্পূৰ্ণ দৰমহা পোৱা নাই৷ তেওঁলোকে অধ্যাপক হিচাপে লাভ কৰা দৰমহাতকৈ বৰ্তমান অধ্যক্ষ হৈয়ো কম দৰমহা পাইছে৷
মুখ্যমন্ত্ৰীয়ে কোনো বিষয়াই এসপ্তাহো ফাইল পেলাই ৰাখিব নোৱাৰিব বুলি হুংকাৰ দিছে৷ পিছে ফাইল পুট-আপ হোৱাৰ পিছতো কাম হোৱা নাই ৰাজ্যৰ কলেজ অধ্যক্ষৰ৷ তেওঁলোকে প্ৰাপ্য বিচাৰি শিক্ষা সঞ্চালকয়লৈ অহা-যোৱা কৰিবলৈ হৈছে বাধ্য৷
সমৰ্থিত সূত্ৰই সদৰী কৰা অনুসৰি কেবাজনো অধ্যক্ষৰ ফাইল কাহিলীপাৰাৰ কাৰ্যালয়ৰ পৰা দিছপুৰলৈ প্ৰেৰণ কৰা হৈছে৷ ই-ফাইলিং প্ৰণালীৰ জৰিয়তে তেওঁলোকক বিশেষ ক’ডো প্ৰদান কৰা হৈছে৷ কিন্তু দিছপুৰলৈ প্ৰেৰণৰ পিছতো ফাইলৰ কাম আগবঢ়া নাই৷
পিছে কাম সম্পূৰ্ণ কৰিবলৈ শিক্ষামন্ত্ৰীৰ মাত্ৰ এটা স্বাক্ষৰহে বাকী আছে৷ সেই সামান্য কামটোও তিনিবছৰে কৰি দিয়া নাই সংশ্লিষ্ট বিভাগে৷ ফলত পে’ প্ৰটেকশ্যনৰ পৰা বঞ্চিত হৈছে কেবাখনো কলেজৰ অধ্যক্ষ৷
বৰ্তমান বিভাগীয় দৰমহাৰ পৰা বঞ্চিত হৈ থকাৰ ফলত তেওঁলোক ভৱিষ্যতেও সমস্যাৰ সন্মুখীন হ’ব৷ পে’ প্ৰটেকশ্যনৰ সুবিধা লাভ নকৰাৰ বাবেই অৱসৰৰ পিছত বকেয়া পোৱাৰ বাবেও তেওঁলোকৰ অশুবিধা হোৱাটো খাটাং৷ তথাপি তিনিবছৰে তেওঁলোকৰ কাম কৰি দিয়া নাই শিক্ষা বিভাগে৷
মুখ্যমন্ত্ৰীয়ে এসপ্তাহৰ ভিতৰত ফাইলৰ কাম সম্পূৰ্ণ কৰিবলৈ বিষয়া আৰু মন্ত্ৰীসকলক ডেডলাইন বান্ধি দিছে৷ কিন্তু কোনেও মনা নাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ৷
তিনিবছৰেও নহ’ল এসপ্তাহৰ কাম
