য়ে খোদা, ৰেহেম কৰ
তাৰ পিছতে আৰম্ভ হিয়াভগা ক্ৰন্দন
প্ৰতিশোধৰ কথা কৈ পাকিস্তানী প্ৰধানমন্ত্ৰীয়ে দপদপাই আছে৷ কিন্তু সতীৰ্থগণে আৰম্ভ কৰিছে কন্দা-কটা৷ আনকি সংসদতে কান্দোনত ভাগি পৰিছে সাংসদ তাহিৰ ইকবাল৷
উত্তপ্ত আলোচনাৰ সময়ত প্ৰাণৰক্ষাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাই তেওঁ হুকহুকাই কান্দিলে৷ অপাৰেশ্যন সিন্দূৰৰ বিভীষিকাৰ সমান্তৰালভাৱে দেশখনত ড্ৰ’ন বোমা নিক্ষেপৰ প্ৰসংগ সদনত তেওঁ উত্থাপন কৰে৷
কিন্তু কথা ক’ব নোৱাৰাকৈ সাংসদজনক শোকে খুন্দা মাৰি ধৰিলে৷ য়ে খোদা বুলি অদৃষ্টক স্মৰণ কৰি তেওঁ কান্দিবলৈ ধৰিলে৷ কাষতে বহি থকা সাংসদে শান্ত্বনা দিবলগীয়া হ’ল তাহিৰ ইকবালক৷
দেশখনৰ বিদেশ মন্ত্ৰী ইছাক ডাৰেও যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিছে৷ কালিলৈকে দম্ভালি মাৰি থকা মন্ত্ৰীজনৰ মতে এতিয়া উত্তেজনা হ্ৰাস কৰিবলৈ চেষ্টা চলোৱা উচিত৷ উত্তেজনা প্ৰশমন কৰিবলৈ বিদেশৰ পৰাও আহ্বান কৰিছে বুলি তেওঁ দাবী কৰিলে৷
ভাৰতে আক্ৰমণ বাহাল ৰাখিলেও সংযত হোৱাৰ ইংগিত দিছে ইছাক ডাৰে৷ পাকিস্তানে সংযম বৰ্তাই ৰাখিব বুলি তেওঁ ঘোষণা কৰিছে৷ উত্তেজনা তুংগত উঠা সময়ত অজিত ডোভালৰ সৈতে যোগাযোগ কৰিছে পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আছিম মালিকে৷
খবৰ অনুসৰি আলোচনাৰ সময়ত আক্ৰমণ স্থগিত ৰাখিবলৈ ভাৰতক আহ্বান জনাইছে পাকিস্তানী আছিম মালিকে৷ কিন্তু ভাৰতে আত্মৰক্ষাৰ বাবে যিকোনো পৰ্যায়তে আক্ৰমণ কৰিব বুলি জনাই দিছে মালিকক৷
সদনতে শোকে খুন্দা মাৰি ধৰিলে পাকিস্তানী সাংসদক
