অসম হ’ব পাৰে পাকিস্তানৰ লক্ষ্য
প্ৰক্সী ৱাৰ চলাই ভাৰতৰ নদীবান্ধ ধ্বংস কৰিবলৈ ব্লুপ্ৰিণ্ট ৰচিছে পাকিস্তানে৷ বৃহৎ এলেকা জলমগ্ন কৰিবলৈ পাকিস্তানৰ লক্ষ্য হৈ পৰিছে নদীবান্ধ৷ সেয়ে কাশ্মীৰৰ বাগলিহাৰ প্ৰকল্পত নিৰাপত্তা কঠোৰ কৰা হৈছে৷ পাকিস্তানে বোমাবৰ্ষণ কৰাৰ আশংকাত উৰুৱাই থকা হৈছে যুদ্দ বিমান৷
কিন্তু দেশৰ আন নদীবান্ধতো পাকিস্তানৰ শেনচকু পৰিছে৷ ভাৰতে যিহেতু ১০০ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰিও অসামৰিক নাগৰিক অথবা সেনাক লক্ষ্য কৰি লোৱা নাছিল, সেয়ে পাকিস্তানেও অনাগত সময়ত তেনে ভুল কৰিব নোৱাৰে৷ গতিকে এতিয়া ভাৰতত আক্ৰমণৰ স্থান বাছনি কৰিবলৈ উঠি-পৰি লাগিছে সন্ত্ৰাসবাদী৷
চোৰাংচোৱাৰ খবৰ অনুসৰি ভাৰতৰ নদীবান্ধেই হৈছে পাকিস্তানৰ প্ৰাথমিক লক্ষ্য৷ যিহেতু নদীবান্ধ ভাঙিলে বিস্তীৰ্ণ এলেকাত প্ৰলয়ৰ সূত্ৰপাত হ’ব সেয়ে আকাশৰ পৰা বোমা নিক্ষেপ কৰিবলৈ শত্ৰুৱে পৰিকল্পনা কৰিছে৷ বৰ্তমান পাকিস্তানৰ মূল লক্ষ্য হৈছে চেনাব নৈত ভাৰতে নিৰ্মাণ কৰা বৃহৎ বান্ধ৷
কিন্তু বাংলাদেশেৰ প্ৰৱেশ কৰি পাকিস্তানে অসমতো আক্ৰমণ কৰাৰ আশংকা আছে৷ সেয়ে গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্পও হৈ পৰিব পাৰে শত্ৰুপক্ষৰ লক্ষ্য৷
এই বিষয়ে আগতীয়াকৈ চোৰাংচোৱাই প্ৰতিবেদন দাখিল কৰিছে৷ গতিকে নদীবান্ধৰ নিৰাপত্তা কঠোৰ কৰিবলৈ সকলোকে দিয়া হৈছে নিৰ্দেশ৷ কেবাশ কিলোমিটাৰ এলেকাত জল প্ৰলয়ৰ সৃষ্টি কৰাৰ উদ্দেশ্যে পাকিস্তানী সন্ত্ৰাসবাদীক সেনাই দিছে দায়িত্ব৷
অসমতো চলিব পাৰে প্ৰাণঘাতী আক্ৰমণ
