চান্দা তোলাত লাগিছে ধুৰন্ধৰ দেশপ্ৰেমিক

মানুহ কিমান নিৰ্দয় হ’ব পাৰে সেয়া প্ৰতিপন্ন কৰিছে এচাম নৰাধমৰ কাণ্ডই৷ তেওঁলোকে পহলগামৰ নৰমেধক নিহত পৰিয়ালৰ নামত ভুৱাকৈ সংগ্ৰহ কৰিছে চান্দা৷ সন্ত্ৰাসবাদীৰ নিৰ্মমতাৰ সুযোগ লৈয়ো ধন সংগ্ৰহ কৰিছে পাষণ্ডই৷
২২ তাৰিখে সংঘটিত কূটাঘাতত প্ৰাণ হেৰুৱাইছিল ওড়িষাৰ প্ৰশান্ত সৎপথী নামৰ যুৱকজনে৷ তেওঁৰ পৰিয়ালক সাহায্যৰ বাবে ইণ্টাৰনেটত চলি আছে ধন সংগ্ৰহ অভিযান৷ যুৱকজনৰ অভিভাৱকক ধনৰ প্ৰয়োজন বুলি এটা চক্ৰই ফে’চবুকত দাবী কৰিছে৷ এই নৰাধমৰ বেছিভাগেই হিন্দু বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷
কিন্তু চান্দা সংগ্ৰহৰ বিষয়ে জনাৰ পিছত আচৰিত হৈ পৰিছে প্ৰশান্তৰ পৰিয়াল৷ তেওঁলোকক সাহায্যৰ দৰকাৰ নাই বুলি ঘোষণা কৰিছে নিহত প্ৰশান্তৰ ভাতৃ সুশান্তই৷ সেয়ে ধুৰন্ধৰ চক্ৰৰ বিৰুদ্ধে সুশান্তই গোচৰ তৰিছে৷
পহলগামৰ ঘটনাত নিহতসকলৰ পৰিয়ালৰ সাহায্যাৰ্থে ফে’চবুকৰ কেবাটাও গ্ৰুপত চলিছে ধন সংগ্ৰহ৷ মৃতকৰ অভিভাৱকক সন্মান প্ৰদৰ্শনৰ বাবে সভা আয়োজনৰ নামতো এচাম লোকে চান্দা তুলিছে৷ কিন্তু সেই বিষয়ে গমেই পোৱা নাই মৃতকৰ পৰিয়ালে৷
এনে ঘটনাই উমান দিছে এচাম লোকৰ হৃদয়হীনতাৰ৷ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ মুনাফা অৰ্জন কৰিবলৈয়ো সেইসকল হৈ আছে সক্ৰিয়৷ পহলগামৰ ঘটনাৰ বাবে চান্দা তোলা নেটিজেনৰ বিৰুদ্ধে কিন্তু আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰিবলৈ সিদ্ধান্ত লৈছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial