আকৌ আমেৰিকালৈ যাবলৈ ছানী লিঅ’নী

শীঘ্ৰে ভাৰত এৰিব ছানী লিঅ’নীয়ে
আমেৰিকালৈ প্ৰস্থান কৰিব সুন্দৰী ছানীয়ে
আইটেল গাৰ্ল ছানীয়ে বলীউডত সমাপ্ত কৰিব কেৰিয়াৰ৷ পূৰ্বে কেবাখনো চিনেমাত অভিনয় কৰিলেও বৰ্তমান মুম্বাইত ছানীৰ নোহোৱা হৈছে কাম৷ স্বামী ডেনিয়েলেও ভাৰতত থাকিবলৈ ইচ্ছা কৰা নাই৷
সেয়ে ভাৰতৰ পৰা চিৰদিনলৈ গুচি যোৱাৰ সিদ্ধান্ত লৈছে ছানীয়ে৷ কিন্তু আচৰিতভাৱে পুনৰ প’ৰ্ন উদ্যোগত প্ৰৱেশ কৰিবলৈয়ো ছানী লিঅ’নী প্ৰস্তুত হৈছে৷ আকৌ প্ৰাপ্তবয়স্ক চিনেমা উদ্যোগত অভিনয় কৰিবলৈ সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছে ছানীয়ে৷
এইপৰ্যন্ত মুম্বাইতে থকা ছানী পূৰ্বে আছিল প’ৰ্ন অভিনেত্ৰী৷ তেওঁ জনী ছিনছৰ সৈতে অভিনয় কৰিছিল৷ হাজাৰোধিক প’ৰ্ন চিনেমাত অভিনয় কৰি চেলিব্ৰিটী হৈছিল ছানী৷ কিন্তু বিবাহৰ পিছত তেওঁ ত্যাগ কৰিছিল প’ৰ্ন ইণ্ডাষ্ট্ৰী৷
পিছে মুম্বাইৰ পৰা গুচি যোৱাৰ পিছত আমেৰিকাৰ প’ৰ্ন উদ্যোগতে আকৌ প্ৰৱেশৰ সিদ্ধান্ত লৈছে ছানীয়ে৷ বৰ্তমান ছানীৰ আছে তোলনীয়া সন্তানো৷ তথাপি ছানীয়ে সকলোকে আমেৰিকালৈ নিয়াৰে সিদ্ধান্ত লৈছে৷ পত্নীয়ে বলীউডৰ চিনেমাত অভিনয়ৰ বাবে ভাৰতত থকাটো আগৰে পৰা স্বামী ডেনিয়েলে সমৰ্থন কৰা নাছিল৷ সেয়ে ভাৰত এৰি যাবলৈ ওলাইছে ছানী৷
তেওঁ আকৌ প’ৰ্ন উদ্যোগত প্ৰৱেশ কৰিব বুলি নিশ্চিতি দিছে বলীউডৰ সাংবাদিকে৷ আমেৰিকাৰ বিশেষ চিনেমা উদ্যোগটো আকৌ বলীউডতকৈ কেবাগুণে চহকী৷ তাত অভিনয়ৰ বাবে ভাৰতৰ তুলনাত অধিক টকা লাভ কৰে অভিনেত্ৰীয়ে৷
আমেৰিকাৰ প’ৰ্ন উদ্যোগে প্ৰতিবছৰে উপাৰ্জন কৰে প্ৰায় ৫০ বিলিয়ন ডলাৰ৷ যিটো বলীউডৰ তুলনাত বহু বেছি৷ গতিকে ধনৰ বাবেও প’ৰ্ন চিনেমাত অভিনয়ৰে সিদ্ধান্ত লৈছে ছানীয়ে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial