প্ৰতিশোধৰ বাবে উন্মত্ত দেশবাসীক লাগে যুদ্ধ৷ ইটোৰ পিছত সিটোকৈ গোলা নিক্ষেপ কৰি পাকিস্তানৰ সৰ্বনাশ কৰিবলৈ চৰকাৰক দিছে হেঁচা৷ কিন্তু ভাবকচোন, যুদ্ধই উদং কৰিব কিমান মাতৃৰ বুকু!
প্ৰথমে এই দৃশ্যটো চাওক, দুবছৰ পূৰ্বে কাশ্মীৰতে প্ৰাণ হেৰুৱাইছিল সহদেব বৰ্মন নামৰ সৈনিকজনে৷ সন্ত্ৰাসবাদীৰে মোকাবিলা কৰি সিংহৰ দৰে যুঁজিছিল সহদেৱে৷ দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে তিনি বছৰ আগতেহে চাকৰিত যোগ দিছিল৷
তেওঁ কাশ্মীৰত খোপনি পোতা পাকিস্তানী সন্ত্ৰাসবাদীক ঘেৰি ধৰিছিল৷ পলায়ন কৰা নাছিল সহদেবে৷ কুলগামত এনকাউণ্টাৰৰ সময়ত মাত্ৰ এটা ৰাইফলেৰে পাকিস্তানী সন্ত্ৰাসবাদীক আক্ৰমণ সহদেবে কৰিছিল৷
কিন্তু তেতিয়াই চিৰদিনলৈ গুচি গ’ল সহদেব৷ পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ ঘৰখনলৈ সহদেবৰ মৃত্যুৰ খবৰ দিয়া হ’ল৷ সামৰিক নিয়মেৰে ঘৰলৈ নিয়া হ’ল সহদেবৰ মৃতদেহ৷
কিছুদিন ঘৰখন লোকে লোকাৰণ্য হৈ থাকিল৷ চৰকাৰেও যাচিলে কোটি টকা৷ কিন্তু এতিয়া সহদেবৰ ঘৰলৈ কোনো নাযায়৷ দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ ছহিদৰ মাতৃ অকলশৰীয়া৷
পুত্ৰ এই পৃথিৱীত নাই, সেই সত্য কিন্তু মাকে বৰ্তমানলৈ মানি ল’ব পৰা নাই৷ সহদেবৰ কংক্ৰিটৰ মূৰ্তিকে স্পৰ্শ কৰি মাতৃয়ে পাইছে সৰগীয় অনুভূতি৷ মাকৰ মমতাৰে পুত্ৰৰ প্ৰতিমূৰ্তিৰ গালখন মছি দিছে৷ সদায় ধূপ জ্বলাই যাচিছে মৰম৷
সেই ঘৰখনলৈ কিন্তু আন কাৰো মনত নপৰে৷ কিন্তু মাকে যে পাহৰিব নোৱাৰে পুত্ৰৰ কথা৷ অকলে থাকিলেও মাকে মৃত পুতেকক বুকুত সাবটি লৈ আছে৷
মৃত পুত্ৰকে বুকুত সাবটি লৈ আছে সহদেবৰ মাকে
