পাপে খেদি ফুৰিছে তিনি প্ৰাক্তন কংগ্ৰেছীক

এতিয়া অংকিতা দত্তৰ খবৰেই নাই৷ উজনিৰ প্ৰভাৱী কংগ্ৰেছী অনুজ বৰকটকীও প্ৰায় নিসন্ধান৷ APCCৰ প্ৰাক্তন সাধাৰণ সম্পাদক সুৰজ দিহিঙিয়াৰ বাবে বাজপেয়ী ভৱনত আকৌ চকী এখনো নাই৷
আগতে বিজেপিক গোৱাল গালি দিয়া এই তিনিজনৰ ভিতৰত সুৰজ দিহিঙীয়াই মাহমৰাত দুৱাৰ আৰু অংকিতা দত্তই আমগুৰিত দুবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি মুখ থেকেচা খাইছিল৷
কংগ্ৰেছ কৰ্মীক বেইমানি কৰাৰ পাপে খেদি ফুৰিছে তিনিও নেতাক৷ এতিমধ্যে তেওঁলোকে বিজেপিত যোগ দিয়াৰ এবছৰ হ’ল৷ যদিও দলটোৰ পৰা উপহাৰ হিচাপে কোনো পদবী লাভ নকৰিলে৷
সুৰজ দিহিঙীয়াই ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত সেই সময়ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অঞ্জন দত্তক হাতৰ মুঠিত ৰাখি তিনিবাৰকৈ মাহমৰা বিধানসভা সমষ্টিৰ বিধায়কৰ পদ দখল কৰা শৰৎ শইকীয়াক বঞ্চিত কৰিছিল৷ পিছে মন্ত্ৰী যোগেন মহনৰ হাতত ধাৰাশায়ী হৈছিল৷
একেদৰে অনুজ আৰু অংকিতাও আছিল কংগ্ৰেছী লিগেচীযুক্ত৷ পিছে এই তিনিওজন নেতাৰ উপস্থিতি বিজেপিৰ কোনো সভা-সমিতিত কোনেও দেখা নাই৷ বিজেপিয়ে এইকেইজন নেতাক কোনোধৰণৰ প্ৰশ্ৰয় দিয়াও সমষ্টিৰ ৰাইজে দেখা নাই৷
কেৱল সুৰজ দিহিঙীয়াক মন্দিৰৰ পূজা অন্যথা বংশাৱলী অনুষ্ঠানৰ লাইখুঁটা স্থাপনৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ ফটোহে সামাজিক মাধ্যমত কেতিয়াবা দেখিবলৈ পোৱা যায়৷
বাকী অনুজ বৰকটকী আৰু অংকিতা দত্ত প্ৰায় হেৰাই গৈছে৷ পুনৰ কংগ্ৰেছলৈ উভতি যোৱাৰ পথো তেওঁলোকৰ বাবে বন্ধ হৈ পৰিল৷
পিতৃৰ ক্ষমতাৰে দপদপাই থকা অনুজ-অংকিতা বৰ্তমান সংগীহীন৷ সুৰজো হঠাতে নিৰ্বাপিত হ’ল৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial