কাশ্মীৰৰ পৰ্যটকৰ পৰিচয় উদ্ধাৰ

অগৰ ফিৰদোছ বাৰ ৰ’-য়ে জমী অস্ত’, হামিয়াস্ত’ হামিয়াস্ত’ হামিয়াস্ত’… এই মৰততে যদি সৰগ আছে, তেন্তে সেইখনেই এইখন- ফাৰ্চী কবি আমীৰ খুশ্ৰুৰ এইফাঁকি পদ্যই সুশোভিত কাশ্মীৰৰ ৰূপৰ বৰ্ণনাৰ বাবে যথেষ্ঠ৷
মৰতৰ সৰগৰে পহলগামৰ বাইছৰন পাহাৰলৈ যোৱাৰ বাবে ঘোঁৰা অথবা গাধৰ পিঠিত উঠাৰ বিকল্প নাই৷ প্ৰকৃতিয়ে লেখি-জুখি গঢ়া স্বৰ্গ পহলগামলৈ ৰাক্ষস প্ৰেৰণ কৰিছিল ছফিউল্লা খালিদ নামৰ দৈত্যটোৱে৷ গাইপতি সন্ত্ৰাসবাদী সংগঠন খুলি লোৱা পাকিস্তানী জেহাদী নেতাৰ অন্যতম খালিদ হৈছে দ্য ৰেজিষ্টেন্স ফ’ৰ্চৰ দলপতি৷
লস্কৰ ই-তৈবাৰ উপ-শাখা টি আৰ এফৰ জৰিয়তেই পহলগামত চলোৱা হৈছিল হিন্দু নৰমেধ৷ যিহেতু লস্কৰ ই-তৈবাৰ সক্ৰিয়তাত চোৰাংচোৱাই শেনচকু ৰাখিছিল, সেয়ে দ্য ৰেজিষ্টেন্স ফ’ৰ্চৰ জৰিয়তে কাশ্মীৰত সন্ত্ৰাসবাদীয়ে অৱস্থান কৰিছিল৷ এই সংগঠনটোত নেতৃত্ব দিছিল ছফিউল্লা খালিদ ওৰফে ছফিউল্লা কছুৰীয়ে৷ এইটো জেহাদীক আকৌ ২০১৭ চনত মিল্লি মুছলিম লীগৰ সভাপতি হিচাপে পাকিস্তানে উপস্থাপন কৰিছিল৷
কিন্তু ছফিউল্লা যে লস্কৰৰ সৈতে জড়িত সেয়া প্ৰমাণ কৰিছিল ঘটনাপ্ৰবাহে৷ হাফিজ ছঈদৰ সৈতেও ছফিউল্লা ঘনিষ্ঠ৷ পেছোৱাৰত থকা লস্কৰৰ হেড কোৱাৰ্টাৰৰ মুৰব্বী হিচাপে কাম কৰি আছে ছফিউল্লাই৷ সেইসূত্ৰে সন্ত্ৰাসবাদীটো জামাত-উদ-দাৱাৰ সৈতে সমন্বয় ৰক্ষাৰ দায়িত্বতো নিয়োজিত হৈ আছে৷ পহলগামৰ ঘটনা সংঘটিত কৰিবলৈ ছফিউল্লাৰ সৈতে জড়িত আছিল আবু মুছা৷
কিন্তু প্ৰশ্ন হয়, ঘটনাৰ পিছতে ইমানবোৰ তথ্য উদ্ধাৰ কৰা চোৰাংচোৱাই আগেয়ে কি কৰি আছিল? সমৰ্থিত সূত্ৰই সদৰী কৰা অনুযায়ী পহলগাম আৰু নিকটৱৰ্তী এলেকাত যে কূটাঘাত কৰিবলৈ সন্ত্ৰাসবাদীয়ে চেষ্টা কৰিছে সেই খবৰ ৰ’য়ে দিছিল৷ পাকিস্তানত জেহাদীৰ সক্ৰিয়তা বৃদ্ধি পোৱা বুলি গুপ্তচৰে খবৰ সঠিক সময়তে লাভ কৰিছিল৷
কিন্তু দুৰ্ভাগ্যবশত: কৰ্তৃপক্ষই ৰ’ৰ তথ্যক মিছইনফৰ্মেশ্যন হিচাপেহে উপেক্ষা কৰিলে৷ দ্য ৰেজিষ্টেন্স ফ’ৰ্চ নামৰ সংগঠনটোৰ বিষয়েও যে নৰ্থব্লকত খবৰ নাছিল তেনে নহয়৷ কাশ্মীৰৰ যুৱচামক সন্ত্ৰাসবাদত দীক্ষিত কৰিবলৈ লস্কৰ ই-তৈবাই গঠন কৰা সংগঠনটোক ২০২৩ চনতে নিষিদ্ধ ঘোষণা কৰা হৈছিল৷ দ্য ৰেজিষ্টেন্স ফ’ৰ্চৰ খোপনি আৰু কামৰ বিষয়েও দিল্লীয়ে খবৰ পাইছিল৷ তথাপি বিনাশ কালে বিপৰীত বুদ্ধিৰ দৰে কাম কৰিলে নিৰাপত্তা বিশেষজ্ঞই৷
২৬ পৰ্যটকৰ তেজেৰে পহলগাম ৰাঙলী হোৱাৰ পিছত আজি যথা বিহীত তদন্ত আৰম্ভ কৰা হৈছে৷ আক্ৰমণকাৰী দলটোৰ তিনি সদস্যৰ নাম হৈছে আছিফ ফুজি, ছুলেমান শ্বাহ আৰু আবু তালহা৷ তিনিও প্ৰত্যক্ষভাৱে দ্য ৰেজিষ্টেন্স ফ’ৰ্চ আৰু পৰোক্ষভাৱে লস্কৰ ই-তৈবাৰ সৈতে জড়িত৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial