ফ্ৰীজত থৈছে নেকি কণী!

চাবোনেৰে ধোৱাৰ পিছত গিলাচ বা প্লেটত লাগে চাহৰ দাগ৷ তেতিয়া স্বাভাৱিকতে আলহী আহিলে হঠাতে গৃহিনী অসুবিধাত পৰে৷
এই সমস্যা সমাধানৰ বাবে এটা সহজ উপায় আছে৷
চাউল ধোৱা পানীতে ষ্টীল বা-কাঁচৰ বাচন কিছু সময় তিয়াই থৈ দিব লাগে৷ তাৰ পিছত চাবোনেৰে মাজিলে গিলাচ বা প্লেট চিকচিকিয়া হৈ উঠে।
বিস্কুট ৰখা পাত্ৰত কিছু চেনি দি ৰাখিলে বিস্কুট কেতিয়াও সেমেকি নাযায়৷ বিস্কুটৰ বৈয়াম ফ্ৰিজত ৰাখিলেও বিস্কুট মচমচীয়া হৈ থাকে।
নেমু কটাৰ আগতে কিছু সময় গৰম পানীত তিয়াই ৰাখিলে নেমুৰ ৰস বেছিকে ওলায়।
গৰমৰ দিনত কণী বহুদিন সজীৱ কৰি ৰাখিবলৈয়ো উপায় আছে৷ ফ্ৰিজত ৰখাৰ সময়ত কণীৰ শকত অংশটো তলৰ ফালে আৰু সৰু অংশটো ওপৰৰ ফালে ৰাখিব লাগে।
প্ৰেচাৰ কুকাৰৰ ৰবৰডাল ঢিলা হৈ যোৱাটোও পাকঘৰৰ সমস্যা৷ এনে সময়ত ৰবৰডাল প্ৰায় ২০মিনিট ফ্ৰীজাৰত থৈ দিব লাগে৷ লগে লগে ৰবৰডাল টান হৈ যায়।
আপেল কটাৰ পাছত ক’লা নপৰিবলৈ আছে সহজ বুদ্ধি৷ কাটি ৰখা আপেল এটা পাত্ৰত ঠাণ্ডা পানী, নেমু ৰস আৰু নিমখ দি কিছু সময় ৰাখিব লাগে।
এনে কৰিলে কাটি ৰখা আপেল ক’লা নপৰে।
বাতৰি কাকতেৰে মেৰিয়াই ফ্ৰিজত ৰাখিলে নেমু দীৰ্ঘসময়লৈ সতেজ হৈ থাকে।
লগতে দিওঁ এটা সহজ লাইফ হেক৷ সচৰাচৰ চেল’টেপৰ মূৰটো বিচাৰি উলিয়াবলৈ সমস্যা হয়৷ তেতিয়া চেল’টেপ কিছু সময়ৰ বাবে ফ্ৰীজত থৈ দিব লাগে। ঠাণ্ডাৰ ফলত চেল’টেপৰ মূৰ সহজে ওলাই পৰে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial