মিনা কৰাই কৰাই আঙুঠি দিম বুলি ভাবিছে নেকি!

এতোলা সোণে বাদেই দিয়ক, ১ অনা সোণেৰেও মিনা কৰাই কৰাই কোনো প্ৰেমিকে প্ৰেয়সীক আঙুঠি গঢ়াই দিব নোৱাৰিব৷
১ অনা স্বৰ্ণৰে অলংকাৰ গঢ়িলেও ভৰিব লাগিব লাখৰ ঘৰত ধন৷ দামৰ ভমকত মধ্যবিত্ত ভাৰতীয়ই আৰু সোণ কিনিব নোৱাৰে৷
লোভনীয় হালধীয়া ধাতুৰ দাম যি হাৰত বাঢ়িছে হাতৰ-কাণৰ সোণৰ অলংকাৰ বেচিও অৱশ্যে বহুলোক চহকী হ’ব পাৰিব৷ কেবামাহজোৰা ঊৰ্ধ্বমুখী গতিৰ পিছত আজি এতোলা সোণৰ দামেই ১ লাখ টকা হ’লগৈ৷
দেশৰ বজাৰত আজি প্ৰতি ১০ গ্ৰাম ২৪ কেৰেট স্বৰ্ণৰ দৰ হৈছেগৈ ১,০১,৫৮০ টকা৷ অৰ্থাৎ ইতিহাসত প্ৰথমবাৰলৈ সোণৰ দামে লাখটকাৰো সীমা অতিক্ৰম কৰিলে৷ ২২ কেৰেট স্বৰ্ণৰো দৰ বৰ্তমান ৯ হাজাৰ টকাকৈ বাঢ়িছে৷
বিবাহৰ বতৰত সোণৰ দাম বৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব শ্বেয়াৰ বজাৰত৷ মুঠতে সাঁচতীয়া সোণ যদি নাই এই ব’হাগত অলংকাৰ পিন্ধাই প্ৰেয়সীক ঘৰ সুমুওৱাৰ কল্পনাই নকৰিব৷ লাখটকীয়া সোণ পিন্ধাই মধ্যবিত্ত পৰিয়ালে বিয়া পতাটোও বৰ্তমান অসম্ভৱ৷
কিন্তু সোণৰ দাম যে ভৱিষ্যতে কমিব তেনে সম্ভাৱনাও নাই৷ যেতিয়ালৈ আমেৰিকা আৰু চীনৰ সম্পৰ্ক আকৌ আগৰ দৰে নহয়, তেতিয়ালৈ সোণৰো দাম কমাৰ সম্ভাৱনা নাই৷ কাৰণ দুয়োখন দেশৰ মাজত সংঘাতৰ পিছত বিনিয়োগকাৰীয়ে নিজৰ ধন সোণলৈ ৰূপান্তৰ কৰি পেলাইছে৷ সোণ লুকুৱাই তেওঁলোকে নিজৰ সম্পত্তি সুৰক্ষিত কৰিছে৷ গতিকে বিয়াখন সৰুকৈয়ে পাতক৷ সোণৰ বাবে নকৰিব আশা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial