নাযাবা নাযাবা সোণ- এফাকি
তথাপি সকলোৱে তেওঁক পাহৰি গ’ল৷ শিল্পীজনৰ নাম কুমাৰ ভৱেশ৷ নব্বৈৰ দশকত অসমৰ সংগীত জগতত কুমাৰ ভৱেশ আছিল ভাইৰেল ছেন্সেশ্যন৷ আকস্মিক জনপ্ৰিয়তাৰ সৌজন্য আছিল দেহাজান নামৰ এলবামটো৷
কিন্তু অসমৰ সংগীত জগতত ছগাৰ দৰে জনপ্ৰিয়তাৰ জুইত কুমাৰ ভৱেশ জাহ গ’ল৷ মায়া আৰু আশা এলবামেৰে জুবিন গাৰ্গ অদ্বিতীয় হৈ পৰাৰ সময়ত কুমাৰ ভৱেশে উলিয়াইছিল দেহাজান৷ হঠাত জনপ্ৰিয় হোৱা ভৱেশ পূৰ্বে আছিল এজন কংগ্ৰেছ নেতাৰ সহকাৰী৷
তেতিয়াৰ কংগ্ৰেছ সাংসদ এজনৰ সহায়ক হিচাপে ভৱেশ ব্যস্ত আছিল৷ তাৰ মাজতো কৰিছিল সুৰৰ সাধনা৷ মিৰ্জাৰ গোপালপুৰৰ কুমাৰ ভৱেশে অৱশ্যে ১৮ বছৰ বয়সৰ পৰাই সংগীতৰ সাধনা কৰিছিল৷ কিন্তু বিচাৰি ফুৰা জনপ্ৰিয়তা তেওঁ লাভ কৰিছিল দেহাজানৰ জৰিয়তে৷
সেইবাৰ বিহুমঞ্চত কুমাৰ ভৱেশেই হৈ পৰিছিল সকলোৱে বিচৰা তাৰকা শিল্পী৷ নাযাবা নাযাবা সোণ মোকে এৰি থৈ শীৰ্ষক গীতেৰে সমগ্ৰ ৰাজ্যজুৰি ভৱেশ হৈ পৰিছিল পৰিচিত নাম৷ তথাপি যেন কোনোবাখিনিত ভুল কৰি পেলালে কুমাৰ ভৱেশে৷
সুৰ সাধনা তেওঁ ঠিকেই কৰিলে৷ কিন্তু দেহাজানৰ জৰিয়তে পোৱা জনপ্ৰিয়তা ধৰি ৰখাত কুমাৰ ভৱেশ বিফল হ’ল৷ আজিও কুমাৰ ভৱেশে অৱশ্যেই গান গায়৷ কিন্তু নৱপ্ৰজন্মৰ মাজত তেওঁৰ পৰিচিতি প্ৰায় নাই৷
অ’ আতা শীৰ্ষক গীতটিৰে ভৱেশে হৃত জনপ্ৰিয়তা সামান্য উদ্ধাৰ কৰিছিল৷ কিন্তু কেৰিয়াৰ গ্ৰাফ ঊৰ্ধ্বমুখী কৰিব নোৱাৰিলে৷ কালৰ বুকুত হেৰাই গ’ল কুমাৰ ভৱেশৰ সংগীত যাত্ৰা৷
ভোজপুৰী গীততো কণ্ঠদান কৰা শিল্পীজনে অভিনয়ো কৰিছে৷ বৰ্ধিত বয়সে তেওঁৰ চেহেৰাতো চাপ পেলাব পৰা নাই৷ ১৯৯৭ চনৰ কুমাৰ ভৱেশৰ দৰেই তেওঁ হৈ আছে চফল ডেকা৷
ভুল কৰি পেলালে নেকি দেহাজানৰ গায়কে!
